কথা কেৱল
ধন দাস
আই তোক ভাল পাওঁ বুলি ক’বলৈ থাকি গ’ল
থাকি গ’ল ক’বলৈ
এই অস্থিৰতাক সামৰিব নোৱৰাৰ কথা
থাকি গ’ল তোৰ ভেটিটোত মাটি লিপিবলৈ
মোৰ দুকোঠলীয়া ভাৰাঘৰৰ ক'তো নাই
তোৰ ফটোখনৰ বাবে জেগা
আই তোক ক’বলৈ থাকি গ’ল মোৰ যুদ্ধ বিষয়ক
কথাবোৰ
এই যে যুদ্ধত মই প্ৰতিবাৰেই হাৰিছোঁ
ঘৰলৈ ঘূৰি আহিবলৈ মন নোযোৱাকৈ
বিষন্ন মনটোক গাড়ীৰ চকাৰ তলত পেলাই থৈ
কতদিন জী আছোঁ নিমাও-মাওকৈ
নিজৰ পৰা তোলৈ চকু তুলি চাওঁ মানে
তই নাই
তোক ক’বলৈ থাকি গ’ল হতাশ কান্দোনবোৰৰ কথা
যি কান্দোনে ক’তো কান্দিব নোৱাৰিলে কোনোদিন
এই যে কথাবোৰ মই কবিতাটো লিখা নাই আজিকোপতি
নিজক কেনেকৈ লিখো বৰ কষ্টকৰ
তোকনো কেনেকৈ লিখো সহজ জানো
আই তোক ভাল পাওঁ বুলি ক’বলৈ থাকি গ’ল
চকুমুদি জীয়াই থকাটোও সহজ নাছিল
তই শুই আছ মাটিৰ তলত
আৰু মই ক’বলৈ হাহাকাৰ কৰি ফুৰিছোঁ নিজক
নিজকে মই সাৱটি ল’ব পৰা নাই
নিজৰ কোলাত মই শুব পৰা নাই
নিজকে নিচুকাব পৰা নাই
থাকি গ’ল সকলো
তই চাগে সুখতেই আছ
মই জীয়াই থকাৰ দৰে জীয়া দৃশ্যবোৰ চাই চাই
No comments:
Post a Comment