যুগান্তৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 31, 2024

যুগান্তৰ

 


যুগান্তৰ 


পূৰৱী ফুকন

চূণপোৰা, শিৱসাগৰ 



    ৰখনত বিয়াৰ উদুলি মুদুলি পৰিৱেশ। ২নম্বৰ লাইন ডি জেৰ বিকট শব্দত চেপা খাই লাখটকীয়া কৃত্ৰিম ফুলেৰে সজ্জিত ৰঙীন পৰ্দাৰ পেণ্ডেলৰ তলত, দুৱাৰত, আমডালি, লগতে আয়তীৰ দীঘল উৰুলি। বাহিৰত সৰু-বৰ বিলাসী গাড়ীৰ লেখ নাই। জানকীয়ে ওপৰ মহলাৰ পৰাই সকলো প্ৰত্যক্ষ কৰি আছে। দৰাঘৰীয়াই আহি পুৱাতে জুৰুণ দি গ’লহি। সন্ধিয়ালৈ কইনাৰ মূৰত তেল দিয়া। বিয়া নামৰ কাৰণে আয়তীৰ দল এটা আহিব। টকা ত্ৰিছ হাজাৰত ঠিক কৰা হৈছে। ইমান ধূম-ধামকৈ পতা হৈছে বিয়াখন। বিয়া নাম ফাকিনো বাৰু কেনেকৈ এৰিবপাৰি। গতিকে একোতেই কৃপণালি কৰিব নোৱাৰি। ঘৰৰ আত্মীয়-কুটুম্ব সকলো বৰ ব্যস্ত। কইনাৰ আইতাক জানকীও পিছ পৰি ৰোৱা নাই। বহুত বছৰৰ মূৰত নিজ হাতে তাঁতশালত বোৱা আচল মুগা ৰিহা এখন, মুগাৰ মেখেলা এখন পেৰাৰ পৰা উলিয়াই দিছে। পেৰাৰ ভাজত ভাজ লগা  কাপোৰ যোৰ আলফুলকৈ মেলি দিছে। জানকী নিজৰ কইনা দিনলৈ উভতি গৈছে। আজিৰ পৰা নব্বৈ বছৰ আগতে মাত্ৰ দহ বছৰ বয়সতে বিয়া হৈ আহিছিল সাধিৰাম গোসাঁইলৈ। সাধিৰাম নো দেখিবলৈ কেনেকুৱা, বয়সেই বা কি এইবোৰ একো জনা নাছিল। মাত্ৰ সাধিৰামৰ আইয়েকে বিয়া ঠিক কৰি গৈছিল। জানকীৰ ঘৰলৈ যিদিনা সাধিৰামৰ আইয়েক গৈছিল সেইদিনা তাই সমনীয়াৰ সতে চোতালত চু খেলি আছিল। ঘৰলৈ কোনোবা আহিলে সোধা-পোছা একো কৰিব জনা নাছিল। ঘৰৰ মানুহে ঠিক কৰা মতেই সকলোৰে আৰ্শীবাদ মূৰত লৈ অকণমানী ছোৱালীজনী সাধিৰামৰ সতে গৰু গাড়ীত এদিন এৰাতিৰ দোকমোকালিতে এইখন ঘৰ সোমাইছিল। ফ্ৰক পিন্ধা বয়সতে যেতিয়া ওৰণি টানি ৰাতি সাধিৰাম গোসাঁইৰ কোঠালৈ শাহু আইয়েকে লৈ গৈছিল তেতিয়া তাই চিঞৰি কান্দি কৈছিল - “আই মই তোৰ লগতে শুম। এই অচিনা মানুহজনৰ লগত নাথাকো।” চকুৰ পানীৰে ভিজা দুগালত সেওঁতাৰ ৰঙত ৰাঙলী হৈ পৰিছিল তাই। উঠি অহা প্ৰথম যৌৱনৰ তিনিমাহ হৈছিল হে মাথোন তেতিয়া আধা ফুটা গোলাপৰ কলিটি যেন জানকী। লাজ আৰু ভয়ত যেন মুৰ্চা যায় নিলাজী বনৰ দৰে। ফটফটীয়া পূৰ্ণিমাৰ জোনৰ দৰে উজ্জ্বল মুখ। চঞ্চলা কোমলীয়া মনৰ বনৰ হৰিণী আজি সজাত বন্দী। ছল্লিছ উদ্ধ এজন স্বামী। তেওঁ গোসাঁই কেনেকৈ সেৱা কৰিব একো উৱাদিহ নাপাই। যা হওঁক গোসাঁই বুজা পৰা মানুহ। জানকীক বহুত মৰম কৰে। গোসাঁইৰ বুকুত জানকী জোনাকী পৰুৱা। গোসাঁইৰ মনৰ গৰাকী তাই। তাই চোতাল ঘৰ নেহাৰিলেও দোষ নধৰে। তাই ৰোহ উঠে বুলি গোসাঁইয়ে ভয় খাই। 

     এদিন শাহু আইয়েকে ঢেকীত ধান বানি উঠিছিল হে হঠাত বুকুত কিহবাই শেল মাৰি ধৰা বুলি কোৱাত দুয়োটাই পোৰা মিঠা তেলেৰে মালিচ কৰিব ধৰিলে। কিছু সময়ৰ পিছত দুয়োটাকে হুলামুখে চুমা একোটা খাই পৰলোকলৈ গমন কৰিলে। এমহীয়া সকলো নীতি নিয়ম কৰি দুয়োটা অকলশৰীয়া হ’ল। এইদৰে বছৰেকীয়া মূৰত বাৰটা ল'ৰা ছোৱালীৰে এখন ভৰা সংসাৰ। গৰু গাই, হাহঁ পাৰ কথা নকলোৱেই বা। গোটেই খন সম্ভালিব পৰাকৈ জানকী এদিন পূৰ্ণাংগ বোৱাৰী হৈছিল। সাধিৰামে গোসাঁইৰ কাম কৰি টকা সিধি যি পাইছিল তাৰে ঘৰখন সুন্দৰকৈ চলিছিল। ল'ৰা ছোৱালী আটাইকে পঢ়াশালিৰ দেওনা গৰকালে। মাথো সৰু দুটা এল পি স্কুলত থাকোঁতেই গোসাঁই এদিন চকু মুদিলে। সেইদিনা ত্ৰিছ বছৰীয়া জানকীক বগাত সেউজীয়া পাৰি দিয়া চাদৰ খনে কথনা ফুল এপাহৰ দৰেই দেখিছিল। ল'ৰা ছোৱালীৰ চিন্তাই সাধিৰামৰ দুখ তল পেলাইছিল। লাহে লাহে সাতো জনী ছোৱালীক বিয়া দি ঘৰখন অলপ পাতল কৰিলে। ডাঙৰ ল’ৰা তিনিটাইও বিয়া বাৰু পাতি এদিন জানকীৰ পৰা আঁতৰি গ’ল। সৰু দুটাই কিন্তু পঢ়া- শুনা নেৰিলে। যেনে তেনে মেট্ৰিক পাছ কৰি যোৰহাটৰ কাছাৰীত সৰু সুৰা চাকৰি এটা ল’লে। ঘৰ দুৱাৰো আধুনিক ডিজাইনেৰে সাজিলে। আজি সেই একেবাৰে সৰু ল'ৰাৰ একমাত্ৰ ছোৱালী বিদিশাৰ বিয়া। বিদিশা বিদেশত থাকে। দৰাও থাকে। দুয়োটাই একেলগে পঢ়া শুনাৰ কৰা, একে বিভাগতে চাকৰিৰ কৰে। জানকীয়ে নেজানে প্ৰকৃততে বিদেশত কি চাকৰিৰ কৰে, জানে মাথো দহ বছৰীয়া সিহঁতৰ প্ৰেম কাহিনীৰ আজি পূৰ্ণ ৰূপ। বিদিশা এতিয়া ত্ৰিছ বছৰীয়া গাভৰু। কাশ্মীৰী আপেলৰ দৰে মুখমণ্ডল। মৰাপাটৰ ৰছীৰ বৰণৰ খাপ খাপ কৈ কটা লিহিৰি চুলিখিনি নাৰিকল গছৰ পাত এখিলাৰ দৰে। চঞ্চল দেহা অথচ গহীন বেচ ভেমযুক্ত মুখৰ ভাবৰেখা। বেলি ফুলৰ দৰে কাপোৰ যোৰে তাইক ডিঙিত অসমীয়া গহণা, কেইবাতুলীয়া সোণৰ হাড়ে সৈতে হঠাৎ ঢুপুচকৈ পৰা মেনকাৰ দৰে লাগিছে। এইবাৰ বিদিশা আইতাকৰ ওচৰলৈ কাষ চাপিব আহিছে। কিঞ্চিত হাওলি তাই চৰণ চুইছে। জানকীৰ বুকুত কিহবাই হাতুৰি কোবাইছে। কপা কপা হাতেৰে মূৰত হাত বুলাইছে, আৰ্শীবাদ দিছে। গোলপীয়া মুখখনি চুই চাইছে, চকুৰ সন্মুখত দেখা এইজনী বিদিশাক জানকীয়ে আজিৰ পৰা সত্তৰ বছৰ আগতেই দেখিছিল। এইজনী জানকী নহয় নে ! তাই যেন সাধিৰামক সুধিব  “যেতিয়া মই আশীৰ দশকতে সেউজীয়াৰ পাৰি দিয়া চাদৰ খন পিন্ধিছিলো তেতিয়া সেই জেঠৰ বাৰীৰ ঢাপত পকি ওলমি থকা হালধীয়া আমটোৰ দৰেই আছিলো নে ?  জানকীয়ে  হিয়া উজাৰি আশীৰ্বাদ দিছে বিদিশাক।

   জানকী সাধিৰামক বিচাৰি হাবাথুৰি খাইছে।”মোৰ গোসাঁই মোকো লৈ যোৱা।”


Doksiri দকচিৰি, জুন, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages