কোনে কয় আজিৰ অসমীয়া ধোদ নহয়
নবীন চন্দ্ৰ মেধি
গোলাঘাট
আমি অসমীয়া নহওঁ দুখীয়া
কিহৰনো দুখীয়া হ’ম,
সকলো আছিল সকলো আছে
নুগুণো নলওঁ গম।
সঁচাকৈ আমি অসমীয়া মানুহবোৰে সকলো আছিল সকলো আছে বুলি ভাৱি গম নোলোৱাকৈ থকাৰ বাবেই আজি অসম ৰসাতলে গৈছে। বিদেশী আহি আজি বৰঘৰ পালেহি কিন্তু কোনেও মাত এষাৰ লগাওতা নাই। অসমীয়া আজি নিজ দেশতেই ভগনীয়া হ’ব লগা হৈছে। অসমীয়া ভাষা সাহিত্য সংস্কৃতি আজি বিদেশীৰ হাতত। কাৰণ অসমীয়াই আজি অসমতে থাকিও নিজৰ মাতৃভাষা পঢ়িব নাজানে, লিখিব নাজানে, অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ লাজ কৰে। ইংৰাজৰ গোলাম হ'বলৈ ভাল পায়।
ইংৰাজী ভাষা সাহিত্য সংস্কৃতি বুলিলে এচামে ক'ব নোৱাৰা হৈ পৰে। জন্মদিন উদযাপনৰ নামত কেক কটা, গালে মুখে কেক ঘহাই দিয়া, মমবাতি জলাই আকৌ ফু মাৰি নুমুৱাই দিয়া আদি বজৰুৱা সংস্কৃতি আজি প্ৰত্যেক অসমীয়াৰ ঘৰে ঘৰে পালন কৰা দেখা যায়।
গাঁৱৰ বিয়া সবাহতো আজি কালি নিজে নিজে থাল লৈ ভিক্ষাৰীৰ নিচিনাকৈ ভাত দাইল ভাজি মাছ মাংস আদি লৈ লৈ খাব লগা পৰিবেশ সৃষ্টি হ’ল। আগতে গৃহস্থই গাঁৱৰ ভকত বৈষ্ণৱ আৰু সন্মানীয় লোকসকলৰ হতুৱাই আলহীৰ সুশ্ৰষা কৰাইছিল, নতুবা গাঁৱৰ কেইজনমান লোকে ৰন্ধা বঢ়া কৰি ৰাইজক খোৱা বোৱাৰ সম্পূৰ্ণ যোগান ধৰিছিল। এতিয়া বিয়া বুলিলে বোমা ফটকা আদি ফুটাই আতচবাজিৰে দৰা বা কন্যা আদৰা একপ্ৰকাৰৰ নিয়মত পৰিণত হ’ল।
ধনীক শ্ৰেণীৰ বহুৱালী দেখি দেখি দুখীয়া লোকসকলৰ মন মগজুতো এইবোৰ শিপাবলৈ লৈছে। ধনী সকলৰ বিয়া বাৰুত আজিকালি আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীতৰ শৰাই আগবঢ়ায় নতুবা গীত নৃত্য বাদ্য দল আহে। গোটেই নিশাটো বিয়াঘৰত উপস্থিত থকা ৰাইজক আমোদ যোগায়। আৰু যে কত কি নকৰে।
এতিয়া বিহু সন্মিলন বুলিলে কোন শিল্পীক আমন্ত্ৰণ কৰি আনিলে বিহু সমিতিৰ লাভ হ'ব তাক লৈয়ে যেন চৰ্চা আৰম্ভ হয়। প্ৰকৃততে বিহু বুলিলে বিহুৱা বিহুৱতী, হুঁচৰি, মুকলি বিহু, জেং বিহু আদিবোৰৰ ওপৰত গুৰুত্ব দিব লাগে বুলি ভাৱো। কিন্তু তেখেতসকলক বিহু প্ৰদৰ্শন কৰাৰ বাবদ দহ বিশ ত্ৰিশ হাজাৰ টকা প্ৰদান কৰা হয় আৰু গায়ক একো জনক কেবালাখ টকা দি বিহু মঞ্চত বিহু গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনায়। ভুল ক’ত আৰু কাৰ বাবে এনে হ’বলৈ আৰম্ভ কৰিছে সেয়া আজিও অসমীয়াৰ চিন্তাৰ বাহিৰত।
অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু সাতদিনীয়াকৈ পালন কৰা হয়। এটা সময় আছিল যেতিয়া অসমীয়াই মাহ দিন ধৰি বিহু গাই ঘুৰি ফুৰিছিল। সেইসময়ত গাঁৱৰ লোকসকলে খেতি-বাতি কৰিছিল কিন্তু আজিৰ অসমীয়া ডেকা গাভৰু জীয়ৰী বোৱাৰীয়ে মাহ দিন ধৰি বিহু গাই ঘুৰি ফুৰিবলৈ সময় নাই। কাৰোবাৰ চাকৰি আছে, কোনো কোনো ডেকা গাভৰু বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিত পঢ়ি আছে। গতিকে সময় তাকৰ। তত স্বত্তেও যদি মাহ দিনলৈ বিহু মাৰি ঘুৰি ফুৰে তেন্তে সেইবোৰ অসমীয়া ধোদ নোহে কোনে কয়। গাঁৱৰ নামঘৰত হুঁচৰি গাবলৈ যাৰ সময় নাই সি আকৌ জেঠ আহাৰ মাহলৈকে বিহু সন্মিলনৰ নামত বিহু নাচি ঘুৰি ফুৰে। সিহঁতৰ বাবে বিহু সংস্কৃতি নহয় বিহু হৈছে বেপাৰ। বিহুৰ নামত বেপাৰীয়ে বিহু সন্মিলনৰ বেপাৰ বাণিজ্য কৰি দেশ বিদেশ ঘুৰি ফুৰে। আৰু কিছুমানে বজৰুৱা বিহু প্ৰদৰ্শন কৰি ফুৰে।
এইখন দেশৰ তিৰোতা আজি দহ হাজাৰ টকাত বিক্ৰী যায়। অৰুণোদয় আঁচনি, লাখপতি বাইদেউৰ দৰে আচঁনিৰ মায়াজালত বন্দী হৈ এটা লেট্ৰিন বা পকাঘৰৰ আশাত বন্দী হৈ কোভিদ কালৰ পৰিস্থিতিৰ কথা পাহৰি যায়। কা আন্দোলনৰ সময়ত চৰকাৰে কৰা হাৰাশাস্তিৰ কথা পাহৰি যায়। প্ৰতি মাহে পাঁচ কেজি চাউল খাবলৈ পাই ভাৱে চৰকাৰে খুৱাই আছে। বাকীকেইদিন কাৰ টকাৰে খাব ?
গেছৰ দাম বাঢ়ি ১২০০ টকা হ’ল, পেট্ৰ'লৰ দাম ১০০ পাৰ হ’ল, মিঠাতেল ২০০ টকা লিটাৰ হ’ল, চাউল প্ৰতি কিলোগ্ৰামৰ দাম ৪০/৪৫ টকা হ’ল। প্ৰতিটো সামগ্ৰীৰ জুই চাই দাম হ’ল। কোনে নিয়ন্ত্ৰণ কৰিব এই দাম ? এইখন চৰকাৰে ? শিক্ষিত নিবনুৱা লোকক চাকৰি দিছেনে ? লাখ লাখ শিক্ষিত নিবনুৱা লোকক চাকৰি দিবলৈ অপাৰগ আজি এইখন চৰকাৰ। আচঁনিৰ নামত আঁচনি জাপি দিছে কিন্তু যিয়ে পাব লাগে সি বঞ্চিত হৈ ৰৈছে। আমাক আঁচনি নালাগে, আমাক চাকৰি দিয়ক। আমাক স্ব নিৰ্ভৰশীল হৈ কাম কৰাৰ সুবিধা প্ৰদান কৰক। চৰকাৰে পাঁচ কেজি চাউল আৰু দহ হাজাৰ টকা প্ৰদান কৰা বন্ধ কৰক। তেতিয়াহে আজিৰ অসমীয়া ডেকা গাভৰু উন্নতিৰ উচ্চতম শিখৰত উপনীত হোৱাত সহায় হ’ব। চৰকাৰ যদি জনসাধাৰণৰ পক্ষত, চৰকাৰ যদি জনকল্যাণকামী চৰকাৰ তেন্তে নিবনুৱা সমস্যা সমাধান কৰক। বাট ঘাটৰ উন্নতি সাধন কৰক। বিশুদ্ধ খোৱা পানীৰ লগতে বিজুলী বাতিৰ সুবিধা প্ৰদান কৰক। জনসাধাৰণক ভূত বনাই কেৱল আপোনালোক ৰজা হ'বৰ বাবে ভোটৰ আশাত জীয়াই নাৰাখিব। শিক্ষা স্বাস্থ্য সেৱা আদি বিনামূলীয়াকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰক। তেহে দেশৰ উন্নতি সাধন হ’ব। তেহে সকলোৱে সমস্বৰে ক’ব -
বাজক দবা বাজক শংখ
বাজক মৃদংগ খোল,
অসম আকৌ উন্নতিৰ পথত
জয় আই অসম বোল।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment