শংকৰদেৱৰ ধৰ্ম চিন্তা আৰু সংসাৰিক দৃষ্টিভংগী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 31, 2024

শংকৰদেৱৰ ধৰ্ম চিন্তা আৰু সংসাৰিক দৃষ্টিভংগী


 

শংকৰদেৱৰ ধৰ্ম চিন্তা আৰু সংসাৰিক দৃষ্টিভংগী 


প্ৰৱীণ ৰাজবংশী

জাজৰি, মৰিগাঁও


জয় গুৰু শংকৰ

১৩৭১ শকৰ আহিন মাহৰ শুক্লা পক্ষৰ দশমী তিথিত পিতৃ কুসুম্বৰৰ গৃহে মাতৃ সত্য সন্ধ্যা আইৰ গৰ্ভে এটি দেৱশিশুৱে জন্ম গ্ৰহন কৰে। সেই জনাই হল আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ।


শংকৰদেৱৰ ধৰ্ম চিন্তাঃ

  এইজনা মহাপুৰুষ একেধাৰে ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তকী, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি সাহিত্য সংস্কৃতি নিৰ্মাতা। সেইবাবে তেওঁৰ প্ৰিয় তম শিষ্য মাধৱদেৱে

শংকৰদেৱক সৰ্বগুনাকাৰ শব্দৰে অভিহিত কৰিছিল। গুৰু জনে নৱবৈষ্ণৱ ধৰ্ম অথবা এক শৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ জীৱনক মিলন কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়। তেখেতে ১২ বছৰ বয়সতে বিদ্যা শিক্ষা আৰম্ভ কৰোতে আ কাৰ ই কাৰ  নথকা এটা ভাৱগধুৰ কবিতা ৰচনা কৰিছিল। 

   এই কবিতাটিৰ জৰিয়তে তেওঁ অসামান্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। তেওঁ অভিনয়ত পাৰ্গত আছিল। সেই সময়ত তেওঁ মানুহৰ মাজত সাত বৈকুণ্ঠ ৰ পট আকিঁ চিহ্ন যাত্ৰা ভাওঁনা  কৰিছিল। শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ মূলমন্ত্র আছিল 'এক দেৱ এক সেৱ, এক বিনে নাই কেৱ, অৰ্থাৎ কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তৰ লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল। তেওঁৰ ধৰ্মত কোনো জাতি ভেদ উচ্চ নীচ, ধনী দুখীয়াৰ প্ৰভেদ নাছিল। অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুষ্ঠান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যবস্থা কৰিছিল। জনসাধাৰণৰ মাজত জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে  ধৰ্ম প্ৰচাৰ কৰাই আছিল তেওঁৰ ৰচনাৰ মূল অৰ্থ। 

   তেওঁ গীত পদ, ভটিমা, নাট আদিৰ ৰচনা কৰি অসমীয়া সাহিত্য সংস্কৃতিৰ ভড়াল চহকী কৰি থৈ গৈছে। নামঘৰ সত্ৰ সমূহত দবা, কাঁহ, শঙ্খ ধ্বনিৰে হৰিনামৰ নৈ বোৱাই দিছিল। 

    তেওঁ সিচি  থৈ যোৱা হৰিনামৰ কঠিয়া তলিত অসমীয়াক ৰখীয়া কৰি ১৫৬৮ খ্ৰীষ্টাব্দৰ১৪৯০ শকৰ ২১ ভাদ শুক্লা দ্বিতীয়া তিথিত ১১৯ বছৰ বয়সত তেওঁ কোচ বিহাৰত থকা মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে।


Doksiri দকচিৰি, জুন, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages