অজান দেশ
ইনু দত্ত
“দেউতা, দেউতা, অ’ দেউতা, তুমি কিয় শুই আছা দেউতা। দেউতা তুমি শুই নাথাকিবা আক’। এনেকৈ শুই থাকিলে আমাৰ ভাল নালাগে নহয়। জানটো বুলি এবাৰ মাতাচোন। নামাতা কিয় দেউতা তুমি। এবাৰ মাতানা দেউতা। মই আৰু কেতিয়াও দুষ্ট নকৰো দেউতা। মই বহুত ভাল ল’ৰা হ’ম। তুমি চাবাচোন। তুমি এবাৰ উঠি বহানা। মায়ে কেনেকৈ কান্দিছে চোৱাচো”
চোতালত শুৱাই থোৱা বগা কাপোৰেৰে ঢাকি ৰখা দেউতাকৰ শটো জোকাৰি জোকাৰি ৰংমনে চিঞৰি চিঞৰি কান্দি কান্দি কৈছে। কিন্তু তাৰ দেউতাক আকৌ উঠিব জানো ? তাক নিঠৰুৱা কৰি মাকৰ কপালৰ ৰঙা ফোট মচি দেউতাক যে নেদেখা নজনা অজান দেশলৈ গুছি গ’ল।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment