অন্তৰাল
অংকুৰিতা ফুকন
ঈশ্বৰে ভোকৰ পদ্য লিখা চহৰখনত
মানুহ নিজেই একো একোজন
ভোগৰ ঈশ্বৰ…
ঘৰবোৰ আন্ধাৰৰ উপাসনা গৃহ
আৰু বাটবোৰ মায়াজাল
ঈশ্বৰে ঈশ্বৰত্ব ত্যাগৰ অন্তৰালত
কোন মানুহৰ চক্ৰান্ত
দূৰদৰ্শী মানৱৰ হাতত
অন্ধ ঈশ্বৰৰ অদৃষ্ট ভৱিষ্যত…
ঈশ্বৰে নেদেখে
মানুহে দেখে
ভোক আৰু ভোগৰ মাজত
মাথোঁ এটি বৰ্ণৰহে পাৰ্থক্য থাকে…
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment