সম্ভৱতঃ ক’ব লগা কথাবোৰ শেষ হ’ল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, May 1, 2024

সম্ভৱতঃ ক’ব লগা কথাবোৰ শেষ হ’ল



 সম্ভৱতঃ ক’ব লগা কথাবোৰ শেষ হ’ল


ইলামণি শইকীয়া


সম্ভৱতঃ ক’ব লগা কথাবোৰ শেষ হ’ল

সম্ভৱতঃ শুনিব লগাবোৰো

কথাৰে পেটেই ভৰেনে

মন!

কথাবোৰ যদি নিজেই উঠি নাহে

অনা হয় সন্ধিয়া গৰুৰ দৰে 

পঘা টানি টানি

(কথা শুনিলেই তিকিচি বিকিচি উঠে মন!)

কথাবোৰ একেবোৰেই

সময় অনুযায়ী বক্তা বেলেগ

শ্ৰোতা বেলেগ

ৰহন বেলেগ

সোৱাদ বেলেগ।

আজিকালি মই বোবা

কলা

কোনোদিন নভৱা কথাবোৰৰ একমাত্ৰ একান্ত 

নীৰৱ শ্ৰোতা 

কথকী কথক


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages