অসমৰ ইতিহাসত নাৰীৰ ভূমিকা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 31, 2024

অসমৰ ইতিহাসত নাৰীৰ ভূমিকা

 


অসমৰ ইতিহাসত নাৰীৰ ভূমিকা


মিনু হাজৰিকা 

গোৱালপাৰা  



    পৃথিৱীৰ সকলো জাতিৰে ইতিহাসত সভ্যতাৰ বিকাশত নাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে ৷ ভাৰতীয় নাৰীয়ে যুগে যুগে স্ব-মহিমাৰে নিজ শক্তি আৰু সামৰ্থৰে ৰাজনৈতিক ক্ষেত্ৰতৰ পৰা সামাজিক uu m.ক্ষেত্ৰ, পৰিয়াল পৰিজনলৈকে প্ৰদৰ্শন কৰি আহিছে। ভাৰতীয় ঐতিহ্য সংস্কৃ তিত অতীজৰে পৰা নাৰীক কোনো কাৰণতে জ্ঞাৰ দৃষ্টিৰে চোৱা নাছিল বৰঞ্চ সন্মানৰ দৃষ্টিৰে চোৱা হৈছিল।

    মহা মানৱ মহাত্মা গান্ধীয়েও সমাজৰ সকলো ক্ষেত্ৰতে নাৰী পুৰুষৰ সম অধিকাৰৰ পোষকতা কৰিছিল। তেওঁ নাৰীৰ প্ৰগতিত সদায়ে উৎসাহ যোগাইছিল। সেয়ে স্বাধীনতা আন্দোলনত নাৰী সকলক পুৰুষৰ সমানে অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। সেই আহ্বানতে কস্তুৰবা, বিজয়লক্ষ্মী পণ্ডিত, সৰোজনী নাইডু আদি বহুতো নাৰীয়ে স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল। অসমতো কনকলতা, মূলাগাভৰু, চন্দ্ৰপ্ৰভা শইকীয়ানী আদি বহুতো খ্যাত অখ্যাত নাৰীয়ে স্বাধীনতা আন্দোলনত জপিয়াই পৰি আন্দোলন সাফল্য মণ্ডিত কৰি তুলিছিল।

    গতিকে অতীজৰে পৰা বৰ্তমানলৈকে কনকলতাৰ পৰা মূলাগাভৰু জয়মতী লৈকে চালে দেখা যায় একো একো গৰাকী নাৰীয়ে বিভিন্ন ৰূপত নিজস্ব দক্ষতাৰে গধূৰ দায়িত্ব পালন কৰি, অশেষ ত্যাগ স্বীকাৰ কৰি নিজৰ লগতে পৰিয়াল আৰু সমাজৰো দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে।

      অসমত নাৰীৰ বাবে সামাজিক বাধা - নিষেধৰ নিয়ম প্ৰণয়ন কৰা হোৱা নাছিল। নাৰীৰ সামাজিক স্থান পুৰুষৰ তুলনাত নিম্ন আছিল যদিও কম সংখ্যক হ’লেও অসমীয়া নাৰীয়ে ৰাজনীতি, সমাজনীতি, শিক্ষা আৰু সাংস্কৃতিক দিশত পৰোক্ষ বা প্ৰত্যক্ষ ভাৱে অংশগ্ৰহণ কৰি নিজ নিজ প্ৰতিভাৰ সাক্ষৰ ৰাখি থৈ যাবলৈ সক্ষম হৈছিল। সমাজ এখন সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ভাৱে আগবাঢ়ি যাবলৈ হ’লে নাৰীপুৰুষ নিৰ্বিশেষে সকলো সমানে আগবাঢ়ি যোৱাটো অপৰিহাৰ্য। কিন্তু অসমৰ ইতিহাসত এই ধাৰাবাহিকত ৰক্ষা কৰা দেখা পোৱা নাযায়। সাম্প্ৰতিক সময়ত এনে কোনো দিশ নাই য’ত নাৰীয়ে পাৰদৰ্শিতা দেখুৱাব পৰা নাই। সন্তানৰ চৰিত্ৰ গঠনৰ পৰা আদি কৰি সমাজ গঠনৰ প্ৰক্ৰিয়াটো নাৰীৰ অভূতপূৰ্ব ভূমিকা আছে।

    অসমৰ ইতিহাসত নাৰীৰ স্থান উচ্চ আছিল। শৈক্ষিক, ধাৰ্মিক আৰু বৈবাহিক ক্ষেত্ৰত নাৰীৰ সম্পূৰ্ণ অধিকাৰ আছিল। বাল্যবিৱাহ, নাৰীৰ বহু বিবাহ প্ৰচলন নাছিল। কিন্তু পুৰুষে বহু বিবাহ কৰিব পাৰিছিল। বৌদ্ধ যুগত নাৰীৰ স্থান পৰবৰ্তী বৈদিক যুগতকৈও অৱনমিত হৈছিল। পুনবিবাহিত মহিলাক নিন্দা কৰা হৈছিল। শিক্ষাৰ অধিকাৰ নাৰীয়ে পোৱা নাছিল, স্বয়ং বৌদ্ধই নাৰী শিক্ষাৰ বিৰোধিতা কৰিছিল। কিন্তু জৈন ধৰ্মত মাতৃ আটাইতকৈ সন্মানীয় আছিল। আনহাতে মৌৰ্য যুগত নাৰীৰ সামাজিক অৰ্থনৈতিক শৈক্ষিক সকলো অধিকাৰ আছিল। বিধবা বিবাহ প্ৰচলন আছিল আৰু তেওঁলোকে নিজৰ জীৱনৰ সংগী বাচনি কৰাৰো অধিকাৰ আছিল। 

    সমগ্ৰ মানৱ ইতিহাসত পৰম্পৰাগত লিংগ ভূমিকাই প্ৰায়ে নাৰীৰ কাৰ্যকলাপ আৰু সুযোগবোৰক নিৰ্ধাৰণ কৰাৰ লগতে তাক সীমিত কৰি ৰাখিছে। বহুতো ধৰ্মীয় মতবাদত মহিলা সকলৰ বাবে কিছুমান নিয়ম নিৰ্ধাৰণ কৰা হৈছে। বিংশ শতিকাৰ সময়ছোৱাত প্ৰতিবন্ধকতা শিথিল হোৱাৰ লগতে মহিলা সকলে পৰম্পৰাগত গৃহিণীৰ বাহিৰেও কেৰিয়াৰৰ প্ৰবেশনাধিকাৰ লাভ কৰিছে। আৰু উচ্চশিক্ষা গ্ৰহণ কৰাৰ সামৰ্থ্য লাভ কৰিছে।

    অসমৰ ৰাজনীতি বা বৌদ্ধিত ক্ষেত্ৰ খনতো বৈষম্য দেখা যায়। “অসম সাহিত্য সভা“তো বৈষম্য দেখা গৈছে। সত্তৰ দশকৰ পৰা অসমীয়া সাহিত্যৰ বিশাল ভাণ্ডাৰলৈ মহিলাৰ অৱদান কম নহয়। কিন্তু সভাপতিৰ আসনখন মামণি ৰয়চম গোস্বামী, নিৰুপমা বৰগোহাঞিৰ দৰে প্ৰতিভাৱান সাহিত্যিকক বিনা প্ৰতিদন্দিতাৰে এৰি দিবলৈ নীতি নিৰ্ধাৰণকাৰী পুৰুষ সমাজে এবাৰো ভূমিকা লোৱা দেখা নগ’ল। আগৰ যুগত নাৰীৰ সৌন্দৰ্যক নান্দনিক দৃষ্টিৰে অংকিত কৰা হৈছিল যদিও বৰ্তমান সময়ত কিছু নিম্ন ৰুচিৰ শিল্পী বা গীতিকাৰৰ সৃষ্টিত নাৰীৰ সৌন্দৰ্য্যক অপমানজনক ভাৱে পৰ্ণলৈ ৰূপান্তৰিত কৰি নাৰীক অৱনমিত কৰাটো চৰম দুৰ্ভাগ্যজনক বুলি ভাৱ হয়। 

   অসমৰ ৰাজনৈতিক ক্ষমতা বা নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত নাৰী বিভিন্ন প্ৰকাৰে উপক্ষিত হোৱা পৰিলক্ষিত হৈছে। ৰাজনৈতিক ক্ষেত্ৰত অভিযোগ উত্থাপিত হৈ আহিছে। যোগ্যতাৰ মাপকাঠি হিচাপে পৰিয়াল কেন্দ্ৰিকতাইয়ো এই ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা লৈছে। এই ক্ষেত্ৰতো নাৰীক সন্দেহজনক স্থিতিত উপনীত কৰা হৈছে বুলি বিভিন্ন ক্ষেত্ৰৰ পৰা অভিযোগ শুনা যায়। 

   অসমত অতীজৰে পৰা ইন্দো-মংগোলীয় ফৈদৰ ৰজা সকলে ৰাজত্ব কৰিছিল। সেইবাবে পুৰণি কালৰ পৰাই ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ তুলনাত অসমীয়া নাৰীৰ অৱস্থা কিছু পৰিমাণে উন্নত আছিল। মহাভাৰতত উল্লেখ থকা চিত্ৰাংগদা, হিড়িম্বা আদি চৰিত্ৰ সমূহে এই কথা প্ৰমাণ কৰে।

  সু-সংস্কৃত সমাজ আৰু পুৰুষৰ মনে নাৰীৰ প্ৰগতিত হেঙাৰ নহৈ সহায়ক হ’লে পৰিয়ালৰ লগতে সমাজখনো আগবাঢ়ি যাব।


Doksiri দকচিৰি, জুন, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages