সময়ৰ সোঁতে সোঁতে প্ৰাপ্তিৰ আনন্দ
দীপ্তি ঠাকুৰ গোস্বামী
অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়
দমনৰ চিলভাছা (Silvassa) ত থকা কেন্ট্রল কলনি (Castrol Colony)ৰ প্ৰকাণ্ড অট্টালিকাটোৰ সন্মুখত থকা বেঞ্চখনত বহি মই অতীতৰ মধুৰ স্মৃতি ৰোমন্থন কৰিছোঁ। কাষত থকা চিৰসেউজ গছজোপাত চৰাই কেইটামানে চিৰিক-চিৰিক শব্দ কৰি ডালে-ডালে মনৰ আনন্দত জপিয়াই আছে। ঘঁড়ীটোলৈ চালোঁ সাত বাজিবলৈ হ'ল। দমনৰ পদূলি এতিয়াও সূৰ্যৰ পোহৰৰে উজলি আছে। গছ- লতা, তৰু-তৃণৰে ভৰা এই মায়াবী পৃথিৱীখন! মোৰ মনত পৰিছে অসমত আইসকল হয়তো এতিয়া আখলত ব্যস্ত ৰাতিৰ ভাজ সাঁজৰ কাৰণে যা-যোগাৰ কৰাত। মূৰৰ ওপৰেদি নীড়মুখী চৰাইজাক শান্তিৰ আলয়লৈ বুলি নীল আকাশৰ বহল বুকুৰ তলেৰে উৰি-উৰি গৈছে আৰু সোঁ সোঁৱাই যোৱা শব্দ-ধ্বনিয়ে এক সংগীতৰ লহৰ তুলিছে। পাৰ চৰাইৰ এটা জাক মোৰ সন্মুখেৰে উৰি অট্টালিকাৰ ছাঁতে জিৰণি লৈছে। হয়তো বাহলৈ যোৱাৰ সময়ৰ ইংগিত পালে। মোৰ ভাব সাগৰত ডুব গৈ থকা মনটো বাস্তৱলৈ উভতি আহিলে। "আন্টি আন্টি” বুলি মাত এষাৰ দি মালা মোৰ কাষতে বহিল।
ব’হাগৰ বতৰ, বসন্তৰ কাল। ধৰিত্ৰীয়ে শ্যামলী সাজ পিন্ধি কি সুন্দৰ ৰূপেৰে ৰূপৱতী হৈছে। মোৰ মাতৃভূমি আইৰ কোলাত বিবিধ ফুলৰ সুবাসেৰে সুবাসিত হৈ। কপৌ আৰু ভাটো ফুলৰ সৌন্দৰ্যৰ স্মৃতিত মই নষ্টালজিক হৈ পৰোঁ। মোৰ শৈশৱ, মোৰ কৈশোৰ, মোৰ যৌৱন আৰু কৰ্মক্ষেত্ৰত লগ পোৱা মোৰ মৰমৰ বন্ধু-বান্ধৱীবোৰ, মোৰ ভাই-ভনী, মাহী-পেহী, খুৰা-খুৰী ইত্যাদিৰ লগত অতিবাহিত কৰা সোণসেৰীয়া জীৱনৰ মিঠা স্মৃতিবোৰ মনৰ মঞ্জুষাত আলফুলে সাঁচি থোৱা মধুৰ কথাবোৰ ৰোমন্থন কৰি আনন্দত নে বেজাৰত দুধাৰি চকুলো বৈ গ'ল। মাতৃভূমিৰ মৰম-স্নেহৰ সেই মিঠা অনুভৱ যেন পৃথিৱীৰ কোনো ঠাইতেই পাবলৈ সক্ষম নহওঁ।
আকাশলৈ মূৰ তুলি চালোঁ- অস্তগামী সূৰুযে মিঠা হাঁহি মাৰি হেঙুলীয়া আভা সিঁচি দিছে। হয় ইয়াত সূর্যই বহুত দেৰিকৈ বিদায় মাগে ৰাতিটোৰ বাবে। প্রকৃতিৰ কি নৈসর্গিক দৃশ্য। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যত মই মোহিত হ'লোঁ। সেই সময়তে অসমৰপৰা আহিল ফোনৰ এটা মিঠা ৰিংটনৰ মধুৰ শব্দ। ফোনটোত হেল্ল’ কোৱাৰ লগে লগেই দূৰৰপৰা ভাঁহি অহা কুলিৰ সুৱদি মাতে মোক আত্মহাৰা কৰিলে। কথা পতাৰ মাজে মাজে কুলিজনীৰ মিঠা মাত শুনি আপোন পাহৰা হ'লোঁ। চিলভাছাৰ গছৰ ডালে-ডালে কুলি-কেতেকীয়ে মধুৰ গুঞ্জন তোলা মই শুনা নাই। ধৰালৈ সন্ধিয়া নামি আহিল। মই পুনৰ মালাৰ লগত সুখ-দুখৰ কথাৰে সময় অতিবাহিত কৰিলোঁ। যদিও মালা পাঞ্জাবী ছোৱালী তথাপিতো মোৰ মনৰ অনুভৱ বুজি পায়। মোক মাতৃ জ্ঞান কৰা মালা মোৰ বাবে এপাহি সুগন্ধি ফুল; যিপাহ ফুলৰ সৌন্দৰ্যই পৰিৱেশটোৱেই সুন্দৰ কৰি তোলে।
মনৰ মাজত বহু কথাই কৈ যায়। নিজৰ ভাষা, সাহিত্য- সংস্কৃতিৰ অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে... তেওঁ লাগে মাতৃভূমিতেই থাকক বা বিদেশতেই নাথাকক। সেয়া বুকুত সাৱটি জীয়াই থাকিব বিচাৰে।
সন্ধিয়া খোজ কাঢ়ি-কাঢ়ি গৈ থাকোঁতে দেখিলোঁ অনুষ্ঠান পৰিৱেশ কৰিবলৈ কলনিৰ সকলো জীয়ৰী-বোৱাৰী লগ লাগি এখন মঞ্চ সাজিছে। মোক মাতি তেওঁলোকে ক'লে, ইয়াত আমি বহু ৰাজ্যৰ লোকে একেলগে বাস কৰিছোঁ। সকলোৰে নিজৰ নিজৰ কৃষ্টি-সংস্কৃতি আছে। সেয়েহে ইয়াত থকা প্ৰতিখন ৰাজ্যৰ সকলো বয়সৰ লোকে যাৰ যি প্রতিভা আছে বিকশিত কৰিব পাৰিব। নিজৰ জাতিৰ সাজ-পাৰো পৰিৱেশন কৰিব পাৰিব। আন্টি, আমি দূৰৈত থাকিলেও নিজৰ মাতৃভূমিৰ কথা পাহৰি থাকিব নোৱাৰোঁ। নিজৰ মাতৃভূমিত অধ্যয়ন কৰি মনৰ ভাব প্রকাশ কৰাৰ আনন্দ নিজেহে বুজি পায়।
বহু সময় মই তন্ময় হৈ ভাবিলোঁ। যেন আনন্দৰ ঝর্ণা বৈ গৈছে অকোৱা-পকোৱা সুন্দৰৰ বাটেৰে। মাতৃভূমিৰ প্রতি থকা চিৰ সেউজ মনটো ৰূপালী সোণালী ৰহণে যেন মঞ্চখন উজলাই তুলিছে। মই মাতৃভূমিৰপৰা বহু যোজন দূৰৈত যদিও মই মোৰ সংস্কৃতিৰ এখন সুন্দৰ চিত্ৰ প্ৰদৰ্শন কৰাৰ মধুৰ ক্ষণৰ অনুভৱত এছাটি জুৰ মলয়াৰ পৰশত মই বিভোৰ হ'লোঁ সপোন ৰচি, বাস্তৱৰ সুন্দৰ ক্ষণৰ বাবে অপেক্ষা কৰিলোঁ।
No comments:
Post a Comment