বটল বিচৰা ছোৱালীজনীৰ সপোন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

বটল বিচৰা ছোৱালীজনীৰ সপোন



 বটল বিচৰা ছোৱালীজনীৰ সপোন


টুনীৰাম দলে

এদুত গাওঁ, গোগামুখ



   ৰাতিপুৱাৰ পৰা অনাই - বনাই ঘূৰি ফুৰি আছো।পেটত কালি ৰাতিৰ পৰা একো নাই কলমলাই আছে। নিষ্ঠুৰ নিয়তিৰ অভিশপ্ত জীৱনৰ কঠিন মহূৰ্তবোৰ প্ৰায়ে উপলব্ধি কৰি আহিছে স্নেহাই। অভিৱাবক বুলিবলৈ আজিৰ পৰা কিছু দিনৰ আগতেই বলু কাইৰ এক গাড়ীৰ খুন্দাত নিহত হয়। আচলতে স্নেহাক সৰুতেই বলু কাইয়ে ফুটফাটৰ ডাচবিনত কান্দি থকাৰ পৰা উঠাই আনি ডাঙৰ দীঘল কৰিছিল। বলু কাইয়ে দিনৰ দিনটো ভগা-চিগা বিচাৰি জীৱন নিৰ্বাহ কৰিছিল। এতিয়া স্নেহাৰ আপোন বুলিবলৈ কোনো নাই। কৈশোৰ কালৰ কোমল বয়সতেই আজি স্নেহাই বাৰুকৈয়ে অনূভৱ কৰিছে যে তিক্ত ভোকাতোৰ পেটৰ যন্ত্ৰণাই এমুঠি অন্নৰ মূল্য কিমান। ডাঙৰ ডাঙৰ হোটেল ৰেষ্টোৰেন্টবোৰত কিমান অন্নৰ অপচয় হয় দৈনিক অথচ এয়া আমিবোৰৰ বাবে জীয়াই থকাৰ একো একোটা পল। কিয় বাৰু ভাবি নাচায় মানুহবোৰে এটা ধানৰ পৰা ভাত হ’বলৈ কিমান দীৰ্ঘ যাত্ৰা কৰিবলগীয়া হয়? কৃষকৰ অশেষ পৰিশ্ৰম কৰাৰ উপৰিও কত কিমানজনৰ অগাধ কষ্টৰ পিছতহে খাব পৰা হয়গৈ। ভোকৰ তাৰণাত পেটৰ ভিতৰত চট্ ফটা্ই থকা পেলুবোৰেহে সঠিককৈ বুজাই দিব পাৰিব যে  অন্ন অবিহনে একো একোটা ছেকেণ্ড জীয়াই থকা কিমান কষ্টকৰ! এই ভাৱনাৰ নদীখনত ডুব গৈ থকাৰ পৰা বাস্তৱলৈ ঘুৰি যাবলৈ স্নেহাই মস্তিষ্কক সংকেত দিলে। লাহে নিহৰিকাৰ চকু দুটা মেল খাবলৈ ধৰিলে। নিহাৰিকাই শুৱাৰ পৰা উঠি বহিল। তাইৰ দুনয়নত শুকাই যোৱা অশ্ৰুৰ নদী। তাই স্তব্ধ হৈ চিন্তা কৰিলে কেনেধৰণৰ সপোন আছিল সেয়া?


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages