আজিৰ মানুহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 31, 2024

আজিৰ মানুহ

 

আজিৰ মানুহ 


                  ড° ইকবাল হোচেইন খান


দীঘল দীঘল শাৰী

হতাশাৰ ঘৰ-বাৰী, শ্মশানৰ নীৰৱতা

কৰুণ হৈ বাজে গীত।


যন্ত্ৰ মানৱ

যন্ত্ৰ  মানৱ - !

নাই পৰিচয় পিতা-পুত্ৰৰ

মৰীচিকাৰ খেল

বিশ্বায়নৰ শক্তিশেল।


কথাখিনি অৰ্থনীতিৰ 

নীৰৱতাখিনি কবিতাৰ 

নৱ্য সংযোজন 

খোদিত গান্ধীৰ ছবিৰ টকাত।


তাৰবাবেই আধুনিক মানুহে খেদে মৰীচিকা।

তাৰবাবেই বিশ্বায়নৰ জয়গান , ভোগবাদ 

এয়াই আজিৰ মানুহৰ মানসিকতা।

ইয়াৰ মাজতেই কবিতাৰ শব্দত জোৰা লগাই  হুমুনিয়াহ, শৱযাত্ৰা

কবিতাবিহীন সময়

আৱেগহীন সময় 

ইতিহাসে নিলিখিব এনে সময়ৰ কথা, মূল্যহীন কথা 

বাজি থাকিব কৰুণ সুৰ।

এয়াই আজিৰ সময়ৰ ৰূপ কথা।


Doksiri দকচিৰি, আগষ্ট, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages