এদিন হঠাৎ মোক সুধিলে
নিৰৱপ্ৰিয়া
এদিন নিজম দুপৰীয়া
অকলশৰে বহি থাকোঁতে
ৰ'দৰ তাপে প্ৰশ্ন কৰিলে….
কি লাগে কোৱা তোমাক ?
মনৰ ভেটা ভাঙি
নিৰ্ভয় হৈ ক’লো....
সকলো দুখ যন্ত্ৰণা
পাহৰিব পৰা কৈ
তোমাৰ শক্তি খিনি দিয়া।
আকৌ এদিন.....
প্ৰচণ্ড তুষাৰপাত ধুমুহাৰ গাজনিয়ে
প্ৰশ্ন কৰিলে ?
মোৰ পৰা কি বিচৰা কোৱা।
মই সাহস গোটেই ক’লো
মনৰ বেদনা ধুই নিকা কৰিবলৈ
তোমাৰ জল ধাৰাক দিয়া।
পুনৰাই এদিন....
বিজুলী গতিৰে আহি বৰদৈচিলাই সুধিলে
মোৰ পৰা কি আশা কৰা তুমি...
মই ক’লো
নাৰীৰ প্ৰতি হৈ থকা
অত্যাচাৰক বধিব পৰাকৈ
তোমাৰ শক্তিশালী উদাত্ত
কণ্ঠটি মোক উপহাৰ
হিচাপে দিয়া।।
Doksiri দকচিৰি, আগষ্ট, ২০২৪

No comments:
Post a Comment