এমুঠি শোক
হীৰক কলিতা
নলবাৰী
ৰাতি হ’লে বাঢ়ি আহে ক্ৰমশঃ
এমুঠি কঠিন শোক ৰ’দে পোৰা
ছালত জ্বলি উঠে দপ দপকৈ
হৃদয়ৰ কেঁচা ঘা........
শীতল জোনৰ পোহৰে আৱৰি
ৰখা মোৰ নীল নয়নত কোনে
আহি সানি যায় এমুঠি এন্ধাৰৰ
ৰং বুকুৰ সিপাৰে বাজি উঠে
বিষাদৰ সংগীত শুণি থাকে
মাথোঁ দুটি সৰু চৰাই যাৰ সংগীতৰ
তালে তালে বাজি উঠে হৃদয়ৰ
স্পন্দন আৰু দি যায় এমুঠি কঠিন
শোক।
Doksiri দকচিৰি, আগষ্ট, ২০২৪

No comments:
Post a Comment