আপাততঃ তাই
দ্ৰোণা চাৰ্য্য হাজৰিকা
ককৰাতলি, তিনিচুকীয়া
অগ্নিগৰ্ভা সময়
আলি কেঁকুৰিত হেৰায় সূৰ্য্য
পুৱা গধুলি তাই উখহে
দেহত ঘাঁহে বাঁহ সাজে
হৃদয় ফুলি ফুটে
তেজ পুঁজ বিৰিঙে দুৰ্গন্ধত
গৰল বিদাৰি উগাৰি ওলায়
এআকাশ বিষাদ
আত্মকথনৰ বিৰহ
যুঁৱলিত উতে
ভাঁহে
সীৰলু ফলাৰ দৰে
ফালি ফালি খায় তাইৰ বুকুৰ
কেঁচা মঙহ
সাংসাৰিক মোহ
Doksiri দকচিৰি, আগষ্ট, ২০২৪


No comments:
Post a Comment