প্ৰশান্তি
প্ৰিয়ংকা চমুৱা
ঢকুৱাখনা, লখিমপুৰ
কি যে মায়াময়তা এই আকাশৰ
জোনাকৰ কুণ্ডিল উপত্যকাৰ
ভাৱৰ উমাল অৱকাশ
যেন তোমাৰ আলসুৱা অনুভৱৰ….।
স্বপ্নাতুৰ পথিক যেন তুমি
বাট কুৰি আহিছা এবুকোচা অনুৰাগ সামৰি
মোৰ পংকিল পথৰ সাৰথি হৈ
তোমাৰ ভালপোৱাৰ ৰাগত মোৰ কলিজা কপে!
তুমি জোন জোনালীৰ মায়াসনা ৰাগ
মোৰ জীৱনৰ আকাংক্ষিত অনুৰাগ
সপোনৰ সীমনা তুমি
জীৱনৰ অনাবিল প্ৰেমময়তাৰ অৱকাশ।
Doksiri দকচিৰি, আগষ্ট, ২০২৪


No comments:
Post a Comment