পহৰাদাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 31, 2024

পহৰাদাৰ

 


পহৰাদাৰ


                   কমলেশ্বৰ কলিতা


ৰ'দৰ পহিলা খবৰতে পুৱাৰ হেঙুল পাত্ৰত উপচি পৰিল

মানুহৰ খোজৰ নীলকণ্ঠী ৰাগ।

মেঘৰ খোপাৰ কেতেকী ফুল

নীলাম্বৰ আঁচলত হেৰাল -


মই দুৱাৰৰ দাং আঁতৰাই

পিয়লাত আঁকি ল'লোঁ দ্ৰোণাচাৰ্যৰ কলা, 

কালদিয়াত জোন খহি অহা ৰাতিৰ সময়ত

মাটি সগৰ্ভা বিমল বিশ্বাসেৰে

আবেলিটো ভিজে ৰ'দৰ হিৰণ্ময়ী খবৰত।


মোৰ আৰু বুজিবলৈ একো নাথাকে

মেঘৰ খোপাত উখহি উঠা

সুগন্ধিৰ বাহিৰে।


অৰণ্যৰ দোপালপিটা বৰষুণত

মোহাচ্ছন্ন অতিথি।


Doksiri দকচিৰি, আগষ্ট, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages