এজাক দুঃসাহসী চৰাই
স্বপ্নালী কলিতা
তাই আগুৱাই আহিছিল
কেঁচা তেজৰ চকু এযোৰ লৈ।
সেই কুঁৱাটোৰ পাৰতেই তাই
ৰঙা কুঁৱা এটা খান্দিছিল নতুনকৈ।
পাহৰিব নোৱৰা এটা কঁড়াল মৰা অধ্যায়
কুঁৱাৰ গভীৰ পানীলৈ এৰি দিছিল
টুপুং !
তাইৰ মূৰৰ ৰঙা ফিটাডাল চুই চাইছিল
য'ত মা-কালীৰ ইচ্ছাৰ লগতে
হেৰোৱা সময়ৰ চেঁচা উশাহ এচপৰাও
ওলমি আছিল।
ভিৰ ফালি যেতিয়া মানুহবোৰ
আগবাঢ়ি আহিছিল !
তাইৰ জোলোঙাৰ ফাকেৰে
হাঁহি এটা সৰিছিল
সন্তুষ্টিৰ
খোলাকটি খেলৰ নিচাত হেৰাই যাওঁতেই
তাইক এখন কাপোৰ সজোৱা হৈছিল
এছাৰি থকা হৈছিল পাটনাদৰ পাৰত
অৱশেষত…
তাই এচপৰা বতৰে খহোৱা
বৰফ হৈছিল
নপমা
আৰু এদিন
পৰমান্নৰ সোৱাদত তাই
ধোঁৱাহৈ উৰি গৈছিল
প্ৰতিশোধ হৈ...
এখন ছবিত লিখি গৈছিল –
এজাক দুঃসাহসী চৰাইৰ কথা।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment