প্লাষ্টিক টেকন’লজি (Plastic Technology)
ড° বুলজিৎ বুঢ়াগোহাঁই
প্লাষ্টিক বা পলিমাৰ অবিহনে লেপটপ বা কম্পিউটাৰ, পকেটত থকা মোবাইল ফোন, আনকি প্ৰতিদিনে পুৱা ব্যৱহাৰ কৰা টুথব্ৰাছটোও সম্ভৱ নহয়। বৰ্তমান যুগত প্লাষ্টিক সামগ্রীৰ ব্যৱহাৰ বৃদ্ধি পাব ধৰিছে। প্লাষ্টিক টেকন’লজি (Plastic Technology) বা প্লাষ্টিক ইঞ্জিনিয়াৰিং (Plastic Engineering) বা পাঠ্যক্রম পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে ।
প্লাষ্টিক টেকন’লজি হৈছে বিজ্ঞানৰ এক বিশেষ শাখা যি বিভিন্ন ধৰণৰ প্লাষ্টিক সামগ্ৰীৰ অধ্যয়ন, প্ৰস্তুতি, আৰু প্ৰয়োগৰ সৈতে জড়িত। এই পাঠ্যক্রমত শিক্ষাৰ্থীসকলে প্লাষ্টিক সামগ্ৰীৰ উৎপাদন, প্ৰস্তুতি, আৰু প্ৰচেচিঙৰ ওপৰত জ্ঞান লাভ কৰে।
প্লাষ্টিক টেকন’লজিত শিক্ষা গ্রহণৰ বাবে শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত প্লাষ্টিক টেকন’লজিৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে । প্লাষ্টিক টেকন’লজিত ডিপ্লমা, স্নাতকোত্তৰ আৰু পি.এইচ.ডি. পাঠ্যক্রমও অধ্যয়ন কৰিব পাৰি।
প্লাষ্টিক বা পলিমাৰ অভিযন্তাসকলে প্লাষ্টিক আৰু প্লাষ্টিক সম্পৰ্কীয় সামগ্ৰী বা সামগ্ৰীৰ ডিজাইন, বিকাশ, পৰীক্ষণ আৰু উৎপাদনৰ ক্ষেত্ৰত কাম কৰে। প্লাষ্টিক ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত অভিযন্তাসকলে নতুন ধৰণৰ প্লাষ্টিক প্ৰস্তুত কৰিব লাগিব যিবোৰ প্ৰতিৰোধী বা জৈৱ-পচনশীল হ'ব পাৰে। অভিযন্তাসকলে বিভিন্ন প্লাষ্টিক সামগ্ৰীৰ স্থিতিস্থাপকতা, মানদণ্ড, প্ৰতিৰোধ ক্ষমতা আৰু জৈৱ-পচনশীলতাৰ ক্ষেত্ৰতো মূল্যাঙ্কন কৰিব লাগে।
প্লাষ্টিক টেকন’লজি’ত শিক্ষা গ্রহণ কৰিব পৰাকেইখনমান শিক্ষানুষ্ঠান হ’ল – ইণ্ডিয়ান প্লাষ্টিক ইনষ্টিটিউট (https://www.ipiindia.org), এল. ডি. কলেজ অৱ ইঞ্জিনিয়াৰিং (https://ldce.ac.in), ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজি (https://www.ictmumbai.edu.in), কলিকতা বিশ্ববিদ্যালয় (http://www.caluniv.ac.in), চেণ্ট্রেল ইনষ্টিটিউট অৱ প্লাষ্টিকছ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি, চেন্নাই (http://cipet.gov.in), তেজপুৰ বিশ্ববিদ্যালয় (https://www.tezu.ernet.in), মহাৰাষ্ট্র ইনষ্টিটিউট অৱ টেকন’লজি (https://mit.asia), হাৰকৰ্ট বাটলাৰ টেকন’লজিকেল ইনষ্টিটিউট (https://hbtu.ac.in) আদি। এই শিক্ষানুষ্ঠানবোৰত ‘প্লাষ্টিক টেকন’লজি’ৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তিৰ বাবে প্রয়োজন হোৱাশিক্ষাগত অৰ্হতা শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয় সবিশেষ তথ্য জানিবৰ বাবেশিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে।
এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ'ব যে চেণ্ট্রেল ইনষ্টিটিউট অৱ প্লাষ্টিকছ ইঞ্জিনিয়াৰিং এণ্ডটেকন’লজি(চিপেট)ৰ এটা শাখা গুৱাহাটীতো আছে। ইয়াত অধ্যয়নৰ সুবিধা থকা পাঠ্যক্রমবোৰ হ’ল- POSTGRADUATE DIPLOMA IN PLASTICS PROCESSING & TESTING পাঠ্যক্রমটোৰ সময় সীমা দুবছৰীয়া আৰু এই পাঠ্যক্রমত নাম ভৰ্ত্তিৰ বাবে শিক্ষাগত অৰ্হতা হ’ল স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান বিষয়ত তিনিবছৰীয়া স্নাতক হোৱা দৰকাৰ। এই পাঠ্যক্রমত নামভৰ্তি CIPET JEE পৰীক্ষাৰ ওপৰত ভিত্তি কৰি হয়। DIPLOMA IN PLASTICS TECHNOLOGY আৰু DIPLOMA IN PLASTICS MOULD TECHNOLOGY পাঠ্যক্রম দুটাৰ সময় সীমা তিনিবছৰীয়া আৰু এই পাঠ্যক্রম দুটাত নাম ভৰ্ত্তিৰ বাবে শিক্ষাগত অৰ্হতা হ’ল দশম শ্রেণী উত্তীৰ্ণ হোৱা দৰকাৰ। এই পাঠ্যক্রম দুটাত নামভৰ্তি CIPET JEE পৰীক্ষাৰ ওপৰত ভিত্তি কৰি হয়।
প্লাষ্টিক টেকন’লজি (Plastic Technology)ৰ বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰাৰ পাছত নিয়োগৰ অলেখ সুবিধা আছে। যেনে - প্লাষ্টিক দ্রব্য উৎপাদন কোম্পানী, পলিমাৰ প্রডাকচন কোম্পানী, প্লাষ্টিক আৰু পলিমাৰ প্রচেচিং কোম্পানী, চৰকাৰীপ্লাষ্টিক উদ্যোগ, গৱেষণা কেন্দ্র আদি। ইয়াৰ উপৰিও টেলিভিছন, ম’বাইল, ৰেফ্রিজাৰেটৰ, ৱাশ্বিংমেচিন আদি উদ্যোগৰ পৰা অটোমোবাইল উদ্যোগলৈকে প্লাষ্টিক টেকন’লজিষ্টৰ নিয়োগৰ সুবিধা আছে। প্লাষ্টিক টেকন’লজিৰ শিক্ষা প্রতিষ্ঠানত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। ইয়াৰ উপৰিও স্বাধীন ব্যৱসায় আৰম্ভ কৰিব পাৰে।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment