আহোম স্বৰ্গদেউ দিনৰ খেল ধেমালি
মিনু হাজৰিকা
আহোম স্বৰ্গদেউসকলে মানৱ সমাজৰ মাজত স্বাস্থ্য ৰক্ষা প্ৰতিযোগিতাৰ মনোভাৱ বৰ্তাই ৰখা, শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰাৰ বাবে বিভিন্ন খেল - ধেমালিৰ আয়োজন কৰিছিল ৷
হাতী যুঁজঃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্ব কালৰ পৰা ৰংঘৰৰ বাকৰিত এই হাতী যুঁজ অনুষ্ঠিত হৈছিল।
ম’হ যুঁজঃ মাঘ বিহুৰ সময়ত ম’হ যুঁজ অনুষ্ঠিত হয়। ব’হাগ বিহুৰ সময়তো ম’হযুঁজ পতা হৈছিল।
কুকুৰা যুঁজঃ আহোম ৰাজত্ব কালৰ পৰাই কুকুৰা যুঁজ এক পৰম্পৰাগত খেল হিচাপে চলি আহিছে। কুকুৰাৰ মালিক দুজনে প্ৰথমে মুকলি ঠাইলৈ গৈ দুমুৰে দুজনে বহি কুকুৰা দুটাক যুঁজিবৰ বাবে আগবঢ়াই দিয়ে। ৰঙা কুকুৰা প্ৰজাৰ প্ৰতীক আৰু বগা কুৰুৰা ৰজাৰ প্ৰতীক। বগা হাৰিলে ৰজা ঘৰৰ অমংগল আৰু ৰঙা হাৰিলে প্ৰজাৰ অমংগল বুলি ধাৰণা কৰিছিল।
বুলবুলি চৰাইৰ যুঁজঃ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই তীৰ্থ নগৰী হাজোত বুলবুলি চৰাইৰ যুঁজৰ পৰম্পৰা আৰম্ভণি কৰিছিল। চৰাইৰ গৰাকীয়ে বিভিন্ন ঠাইৰ পৰা বুলবুলি চৰাই ধৰি আনি যুঁজৰ বাবে প্ৰশিক্ষণ দিয়ে। যুঁজৰ আগদিনা নিচাজাতীয় দ্ৰব্য খুৱাই চৰাইবোৰৰ খং বঢ়াই লয়। যুঁজত যিটো চৰাই জয়ী হয় সেই চৰাইটোৱে পৰাজিত হোৱাটোৰ বুকুত ভৰি থৈ বহে। হাজোৰ হয়গ্ৰীৱমাধৱ মন্দিৰৰ প্ৰাংগনত মাঘৰ বিহুৰ প্ৰথম দিনা এই যুঁজ অনুষ্ঠিত হয়।
শেন যুঁজঃ আহোম যুগত শেন যুঁজ তদাৰক কৰা বিষয়াজনক “শেনচোৱা বৰুৱা” বুলি কৈছিল। এই খেলত জয়ী হোৱা শেনৰ ওজাই ৰজাঘৰীয়া বঁটা লাভ কৰিছিল। শেন চাৰিবিধ - চাহ বচা, কোমাৰ বচা, অৰংগী বচা, আৰু ইৰানি বচা। বৰ্তমান শেন যুঁজৰ প্ৰচলন নাই।
কণী যুঁজঃ উজনি অসমত ব’হাগ বিহুত গৰু বিহুৰ দিনা কণী যুঁজোৱা হয়। কণী যুঁজত এজনে কণীটোৰ এটা মূৰ উলিয়াই পাতি দিয়ে। আনজনে এটা কণী লৈ কণীৰ মূৰে মূৰে যুঁজায়। এটা মূৰ ভাঙিলে আনটো মূৰ ভাঙি দিয়ে। আনজনে আনটো মূৰ উলিয়াই আকৌ যুঁজায়। দুয়োটা মূৰ ভাগিলে ভগাজনৰ কণীটো নভগাজনে লাভ কৰে।
নাওখেলঃ নাওখেল বৈষ্ণৱ সংস্কৃতিৰ অৱদান। বিশেষকৈ শংকৰদেৱৰ সত্ৰসমূহতেই এই খেলৰ প্ৰচলন আছে।
আহোম ৰজা সকলে নিজৰ মনোৰঞ্জন আৰু জন সাধাৰণৰ মাজত ঐক্য-সম্প্ৰীতিৰ ভাৱ জগাই তুলিবৰ বাবে ৰাজভঁৰালৰ ধন খৰচ কৰি হ’লেও বিভিন্ন খেলৰ আয়োজন কৰিছিল। বৰ্তমান পশু-পক্ষীৰ বিচৰণ হ্ৰাস হৈ অহাৰ বাবে এনেবোৰ খেল-ধেমালি প্ৰায় লোপ পাই আহিছে। কিন্তু মল্ল যুঁজ, যাঠি যুঁজ, নাও খেল, দৌৰা, গছত উঠা, ধনুকাঁড় খেল, জাঁপ মৰা ইত্যাদি খেলবোৰ এতিয়াও প্ৰচলিত আছে। খেল ধেমালিয়ে নতুন নতুন প্ৰতিভাৰ জন্ম দিছে আৰু ভৱিষ্যতও নিশ্চয় দিব।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment