শিশুসকলো মানসিক চাপত (Depression) ভূগিব পাৰে
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
শিশুসকল দেশৰ ভৱিষ্যত। শিশুসকলৰ মন তেনেই কুমলীয়া কুসুম এপাহিৰ দৰে। কিন্তু বিভিন্ন কাৰণত বিভিন্ন সময়ত দেখা যায় যে কিছুমান শিশু মানসিক চাপত ভূগে। এই ক্ষেত্ৰত আমি অভিভাৱক/অভিভাৱিকাসকল যথেষ্ট সতৰ্ক হোৱা দৰকাৰ। শিশুৰ ফুল কুমলীয়া বয়সত খেলা-ধূলা কৰিবৰ সময়ত যদি এটা শিশুৰ মনৰ পৰিবৰ্তন দেখা যায়, সেই ক্ষেত্ৰত অভিভাৱক-অভিভাৱিকা সকলে সজাগ হোৱাটো বৰ জৰুৰী। শিশু এটাৰ মনৰ পৰিবৰ্তন আমি কেনেদৰে লক্ষ্য কৰিম ? যদি শিশু এটা খেলা-ধূলাৰ বয়সত হাঁহি-ধেমালি কৰাৰ পৰিবৰ্ত্তে শিশুৱে মন মাৰি কথা-বতৰা নকৰা হয়, অথবা অনাহকত যদি খিংখিঙীয়া স্বভাৱৰ হয়, সৰু-সুৰা কথাতে যদি ঠেঁহ পাতি খোৱা-বোৱা বন্ধ কৰি দিয়ে তেতিয়া আমি সেইসময়ত শিশুটিক গালি-গালাজ নকৰি শিশুটিৰ মন বুজ লবলৈ যত্নপৰ হোৱা উচিত। সিহঁতৰ লগত বন্ধুত্বৰ সম্বন্ধ এটা গঢ় দিবলৈ চেষ্টা কৰিব লাগে। শিশু এটা বিভিন্ন কাৰণত মানসিক চাপত ভূগিব পাৰে যেনে - পাৰিবাৰিক কন্দল অথবা ঘৰুৱা অশান্তি যদি শিশু এটাই দেখিবলৈ পায়, পঢ়া-শুনাৰ ক্ষেত্ৰত অত্যাধিক প্ৰেচাৰ, বিনা কাৰণত যদি শিশু এটা বাধা দি থকা যায় অথবা অনাহকত যদি শিশুক গালি-গালাজ কৰি থকা হয় তেতিয়াও সিহঁতে মানসিক চাপত ভূগিব পাৰে। কেতিয়াবা বহুক্ষেত্ৰত সমনীয়াৰ পৰাও অশান্তিকৰ পৰিবেশ এটা পাব পাৰে।
বয়সৰ বাঢ়ি অহাৰ লগে-লগে শিশুৰ শাৰীৰিক আৰু মানসিকভাৱে বহুত পৰিবৰ্তন হবলৈ ধৰে। হ’ৰমনৰ পৰিবৰ্তনৰ বাবে কেতিয়াবা কেতিয়াবা শিশুটি হিংস্ৰ হৈ পৰিব পাৰে, মৌন হৈ পৰিব পাৰে, অপ্ৰয়োজনীয়ভাৱে দুখী অনুভৱ কৰিবলৈ ল’ব পাৰে। এই সকলোবোৰ হতাশাৰ লক্ষন হ’ব পাৰে। মুঠতে শিশুৰ মানসিক অৱস্থাৰ পৰিবৰ্তন দেখিলে সেই সময়খিনিত শিশুক আওকাণ কৰা অনুচিত। শিশুৰ লগত পৰিয়ালৰ লোকে বন্ধুত্ব সম্পৰ্ক গঢ় দিব লাগে। শিশুৰ ওপৰত চকু ৰাখিব লাগে। শিশুৰ যদি খোৱা প্ৰতি অনিহা, কথা-বতৰা কমকৈ কবলৈ লয় তেতিয়াহ’লে শিশুৰ লগত মুক্ত মনেৰে বৰ সহজভাৱে শিশুটিয়ে পাৰ কৰা দিনটোৰ খতিয়ানৰ উমান ল’ব লাগে। শিশুটিয়ে দিনটোত কাৰ লগত খেলিছিল, কাৰ লগত কথা-বতৰা পাতিছিল এই সকলোবোৰ কথা আলোচনা কৰিব লাগে। আটাইতকৈ ডাঙৰ কথাটো হ’ল শিশুৰ লগত পৰিয়ালৰ লোকসকলে অত্যাধিক সময় দিব লাগে যাতে আমাৰ শিশুসকল কোনো কাৰণতে বিপথে পৰিচালিত হ’ব নোৱাৰে। শিশু এটি বিপথে পৰিচালিত হ’লে পৰিয়ালৰ লগতে একোখন সমাজৰ বাবে হানিকাৰক হ’ব পাৰে। গতিকে শিশু এটিক সুস্থিৰ মানসিকতাৰে গঢ় দিয়াৰ লগতে সমাজত ভাল মানুহ হ’বলৈ যত্নপৰ হোৱাটো দৰকাৰী কথা।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment