পৰিৱৰ্তন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 31, 2024

পৰিৱৰ্তন

 



পৰিৱৰ্তন


হৰেন্দ্ৰনাথ দলে


   সংবাদ মাধ্যমৰ যোগেদি নিৰন্তৰভাৱে প্ৰচাৰ হৈ থকা কেন্দুগুৰি গাওঁৰ এটা হত্যা-হিংসাৰ ঘটনাই ৰাজনৈতিক মহলতো জোকাৰণি তুলিছিল। মাজৰাতি মুখমণ্ডলত ক'লা-কাপোৰ বান্ধি এদল উন্মত্ত যুৱকে ঘৰৰ শোৱা পাটিৰ পৰা উঠাই লৈ গৈছিল স্থানীয় মহাবিদ্যালয় এখনৰ বুৰঞ্জী বিভাগৰ প্ৰবক্তা উদয়ভানু কাৰ্দ্দঙক তেওঁৰ নৱ বিবাহিত পত্নীক ভয়-ভীতি প্ৰদৰ্শন কৰি। সেই সময়ত কথা-কাণ্ড বিষম দেখি ভয়াৰ্ত চিঞৰ এটা মাৰি মাথো পত্মী মৌচুমী বিচনাখনতে ঢলি পৰিছিল। পিছদিনা সেই ঘটনাটো বনজুইৰ দৰে চাৰিওফালে বিয়পি পৰিছিল। মুলুকপাম আঞ্চলিক ছাত্ৰ সংগঠনৰ এগৰাকী পালি ছাত্ৰ-নেতাক হত্যা কৰা চাঞ্চল্যকৰ ঘটনা মাৰ নৌ যাওঁতেই আন এক ভয়ানক হত্যা-কাণ্ডই সংঘটিত হোৱাত সৰ্বসাধাৰণ ৰাইজৰ কথাবাদেই আনকি জিলা-মহকুমা প্ৰশাসনকো জোকাৰি গৈছিল। এনে সময়তে স্থানীয় মুলুকপাম ছাত্ৰ সংগঠন আৰু গণ অধিকাৰ সংগ্ৰামী মঞ্চই জনতাৰ নিৰাপত্তা প্ৰদানত ব্যৰ্থ বুলি চৰকাৰ-প্ৰশাসনক দোষাৰূপ আৰু তীব্ৰভাষাৰে সমালোচনা কৰি ধৰ্ণা-আন্দোলনৰ কাৰ্য-সূচী ঘোষণা কৰিলে।

 পৰিস্থিতি বিস্ফোৰণমুখীৰূপ লোৱাৰ উপক্ৰম দেখি ভোগপুৰ সমষ্টিৰ স্থানীয় বিধায়ক ৰূপান্তৰ মৰাংদেৱে বিধান সভাৰ কাৰ্য-সূচী আধাতে সামৰি সাঙ্গোপাঙ্গো লগত লৈ অকনো পলম নকৰাকৈ দৌৰি আহিল। তেওঁ আহি পোৱা দিনাখনেই কেন্দুগুৰি গাওঁত এখন ৰাজহুৱা সভা আহ্বান কৰালে। উদ্যোগ ললে তেওঁৰ জন-দৰদী পাৰ্টিৰ স্থানীয় কৰ্মী সকলে। কেন্দুগুৰি গাওঁৰ ৰাজহুৱা সভা বয়কটৰ আহ্বান জনাই শ্লোগান দি উত্তাল কৰিলে। ৰাজনৈতিক হত্যা বন্ধ কৰক। বিধায়ক ৰূপান্তৰ মৰাং গ'-বেক । জন-দৰদী পাৰ্টি মুৰ্দাবাদ ইত্যাদি। স্থানীয় ৰাইজৰ ধাৰণা হ'ল উদয়ভানু হত্যাৰ আঁৰত ৰাজনৈতিক চক্ৰান্ত আছে। অনাগত দিনত ভোগপুৰ সমষ্টিৰ শক্তিশালী ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হবগৈ পাৰে বুলি ভাবিয়েই কিজানি উদয়ভানু এনে ৰাজনৈতিক ষড়-যন্ত্ৰৰ বলি হব লগা হ'ল। আন একাংশই আকৌ ধাৰণা কৰিছে যে মুলুকপাম আঞ্চলিক ছাত্ৰ সন্থাৰ ৰাজনৈতিক দাবীৰ পৰিপন্থী কাৰ্য-কলাপত লিপ্ত হোৱাৰ বাবেই তেওঁ এনে চৰম শাস্তিৰ সন্মুখীন হব লগা হ'ল। কথাবোৰ এনে পৰ্যায় পালেগৈ যে আজিকালি মুলুকপাম আঞ্চলিক ছাত্ৰ সন্থাক নেপথ্যৰ পৰা পৰিচালনা কৰে গণ অধিকাৰ সংগ্ৰাম অচিলাৰে এচাম ধুৰন্ধৰ ৰাজনৈতিক সুযোগ সন্ধানী বুদ্ধিজীৱীয়ে। তৃণমূল পৰ্যায়ত যি সকলে গণভিত্তি ৰচনা কৰিবলৈ বান-পানী, গৰাখহনীয়া, নিৱনুৱা সমস্যা সমাধান আদি বিষয়ত জন-জাগৰণ সভা পাতে আৰু সময়ে সময়ে চৰকাৰক স্মাৰক-পত্ৰ প্ৰদানৰো পৃষ্ঠপোষকতা কৰি আহিছে। তদুপৰি স্থানীয় ৰাইজক তেওঁলোকে পতিয়ন নিয়াবলৈ যত্ন কৰে যে স্থানীয় বিধায়ক ৰূপান্তৰ মৰাঙৰ দূৰ্বল ভূমিকাৰ বাবে দীৰ্ঘ-দিনীয়া দাবী পূৰণ হোৱা নাই। তাতে আকৌ উদয়ভানু নামৰ প্ৰবক্তা গৰাকীয়েও আমাৰ ছাত্ৰ সন্থাই সামাজিক-সাংস্কৃতিক আৰু ৰাজনৈতিক দাবী উত্থাপন কৰি আন্দোলনৰ কাৰ্য-সূচী লব খুজিলেই আমাৰ ছাত্ৰ সংগঠনৰ মাজত বিৰোধ-বিভাজনৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। তেওঁৰ ভাষ্য হ'ল পঢ়া-শুনা বাদ দি ছাত্ৰ সংগঠনৰ নেতা হৈ দেশ-জাতি উদ্ধাৰ কৰিব নালাগে ল'ৰাহঁত। গণ অধিকাৰ সংগ্ৰাম সমিতি নামৰ সংগঠনটোৱে ছাত্ৰ সন্থাৰ মূৰত কি উমনি দিছে ধৰাই টান হৈ পৰিছে। স্ব-নিয়ন্ত্ৰণ নামৰ ফুলজাৰি মৰা বিভ্ৰান্তিমূলক দাবী এটাও আজিকালি হেনো আন আন দাবীৰ লগত সংযুক্ত হৈ মুলুকপামৰ আকাশ-বতাহ উত্তাল কৰাৰ এক গোপন আখৰা চলিছে। সেয়াও এক অনাকাংক্ষিত অমূলক দাবী বুলি উদয়ভানুৱে প্ৰতিবাদ কৰি দৈনিক ভাস্কৰ জনপ্ৰিয় কাকতত এক অতি বাস্তৱ সন্মত বৌদ্ধিক বিশ্লেষণাত্মক নিবন্ধ লিখি বহুল প্ৰচাৰৰ সুদৃঢ় পদক্ষেপ লৈছিল। তাৰ ফলশ্ৰুতিটো সাংগঠনিক ৰোষত পৰিছিল উদয়ভানু। তদুপৰি স্থানীয় বিধায়কৰ জন-স্বাৰ্থ পৰিপন্থী ভূমিকাকো মাজে সময়ে বাতৰি কাকতৰ যোগেদি ক্ষুৰধাৰ সমালোচনা কৰিছিল তেওঁ। সেয়েহে স্থানীয় ৰাইজে ভাবিলৈ বাধ্য হৈছিল যে এনেবোৰ কাৰণতেই বোধকৰো উদয়ভানুক ষড়-যন্ত্ৰমূলকভাৱে হত্যা কৰিব পাৰে। কিন্ত্ত কথা-কাণ্ডবোৰ বুজিবলৈ টান লাগিল। যদিহে ৰাজনৈতিক ষড়-যন্ত্ৰমূলক হত্যাই হয়, তেতিয়াহলে কেন্দুগুৰি গাওঁত স্থানীয় বিধায়কে উদয়ভানু হত্যা-কাণ্ডৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কিয় ৰাজহুৱা সভা আহ্বান কৰিব লগা হ'ল। আনহাতে বিধায়কে আহ্বান কৰা ৰাজহুৱা সভা বৰ্জন কৰি এনে অমানুষিক হত্যাকাণ্ডৰ উচিত বিচাৰ লাগে বুলি ছাত্ৰ সন্থা আৰু গণ অধিকাৰ সংগ্ৰামী সমিতিয়েইবা যুটীয়াভাৱে কিয় প্লে-কাৰ্ড আৰু ফেষ্টুন লৈ ৰাজহুৱা সভাস্থলীলৈ প্ৰতিবাদ সাব্যস্ত কৰিলে। এই দুটাপক্ষ যদিহে উদয়ভানু হত্যা-কাণ্ডৰ লগত যদিহে কোনোপধ্যে জৰিত নহয়, তেতিয়াহলে এই হত্যা-কাণ্ডত জৰিত আন তৃতীয়পক্ষ কোন হব পাৰে ?

   স্থানীয় বিধায়কৰ নিৰ্দ্দেশনামতে সেইদিনা জন-দৰদী পাৰ্টিয়ে ৰাজহুৱা সভা আহ্বান কৰিছিল যদিও স্থানীয় ৰাইজ, ছাত্ৰ সন্থা আৰু গণ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্য-সূচীৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। স্থানীয় বিধায়ক ৰূপান্তৰ মৰাঙৰো আচলতে মিটিং পতাৰ উদ্দেশ্য নাছিল। তেওঁৰ উদ্দেশ্য আছিল ৰাজহুৱা সভা আয়োজনৰ যোগেদি স্থানীয় ৰাইজৰ মনোভাৱ নিৰীক্ষণ কৰা আৰু অন্যান্য দল-সংগঠন সমূহৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া সম্পৰ্কে জানি-বুজি লোৱাহে। স্থানীয় বিধায়ক ৰূপান্তৰ মৰাং বুদ্ধিত বৃহস্পতি। নাক মোহাৰিলেই তেওঁৰ বুদ্ধি ওলাই বুলিও সকলোৰে মাজত জনাজাত। তেওঁৰ হাতেৰে শিল ভাঙিলে কঠিন শিলাখণ্ডও হীৰালৈ ৰূপান্তৰ হয়। তেওঁৰ সমষ্টিৰ বৌদ্ধিক মহলে এই দিশটোও আলেঙে আলেঙে পৰ্যবেক্ষণ নকৰা নহয়।

   এই অবাঞ্ছিত হত্যা-হিংসাৰ ঘটনাটোৱে জনসংযোগ মাধ্যম সমূহৰ যোগেদি বহুল প্ৰচাৰ-প্ৰসাৰ লাভ কৰাৰ লগে লগে পৰিস্থিতিয়েও নতুন মোৰ ললে। আৰক্ষী প্ৰশাসনেও মাষ্টাৰ-মাইণ্ড সকলকো কৰায়ত্ত কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিলে। স্থানীয় লোক সকলেও দিনৰ ভাগত মিটিং আৰু ৰাতি ৰাতি জোঁৰ সমদল বাহিৰ কৰি শ্লোগান আওৰালে। ন্যায় লাগে, ন্যায় লাগে। হত্যা-হিংসা বন্ধ কৰক। অপৰাধী সকলক কৰায়ত্ত কৰক। প্ৰকৃত দােষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ কেৱল কেন্দুগুৰি গাওঁ নহয়, সমগ্ৰ মুলুকপাম এলেকাৰ সৰ্বসাধাৰণ ৰাইজ ৰাজপথলৈ প্ৰতিদিনে ওলাই আহিবলৈ ললে। প্ৰতিকূল পৰিস্থিতিৰ উমান পাই শীৰ্ষস্থানীয় ছাত্ৰ-নেতা আৰু গণ সংগ্ৰাম মঞ্চৰ নেতা সকলো আত্ম-গোপন কৰিবলৈ বাধ্য হ'ল। সেয়া আছিল স্থানীয় বিধায়কৰ বাবে পৰম সুযোগ। মুলুকপাম বৃহত্তৰ জনবসতি এলেকাটো পুনৰ উদ্ধাৰ কৰা। ছাত্ৰ সন্থা আৰু গণ অধিকাৰ সংগ্ৰাম সমিতিয়ে জন-দৰদী পাৰ্টিৰ বিৰুদ্ধে মনেসজা নানা অপ-প্ৰচাৰ চলাই স্থানীয় ৰাইজক বিভ্ৰান্ত কৰি তুলিছিল। আনকি মুলুকপাম আঞ্চলিক ছাত্ৰ সন্থাকো বিপথে পৰিচালনা কৰি গণ অধিকাৰ সংগ্ৰামী মঞ্চৰ কেইগৰাকীমান তথাকথিত নেতাই ৰাজনৈতিক ভেটি মজবুত কৰিবলৈও কাৰচাজি ৰচনা কৰিছিলে। আন আন ৰাজনৈতিক দলৰ বাবেও মুলুকপাম অঞ্চলটো ভোটবেংকৰ ফালৰ পৰা কম গুৰুত্বপূৰ্ণ নহয়। মুলুকপাম মিচিং জনগোষ্ঠী অধ্যুষিত এক জনবহুল অঞ্চল। ভোটাৰৰ সংখ্যাই হ'ল পঞ্চাশ-ষাঠি হেজাৰ। একো একোখন গাওঁতেই দুই-তিনিটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ আছে। এই অঞ্চলৰ ভোটাৰ সকলেই হ'ল স্থানীয় বিধায়ক ৰূপান্তৰ মৰাঙৰ নিৰ্বাচনী যুঁজৰ আছুতীয়া মূলধন। এই অঞ্চলৰ ভোট বিভাজন নহলে যিকো প্ৰাৰ্থীয়ে চকুমুদি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব পাৰে। আৰু তেনেকৈয়েই যোৱা পাঁচটা কাৰ্যকাল সামৰি স্থানীয় বিধায়ক ৰূপান্তৰ মৰাঙে বিধান সভাৰ সাধাৰণ নিৰ্বাচন জিকি আহিছে। তাতে যদিহে কোনোবাই তেওঁৰ পানী খোৱা পুখুৰীত কিবা নতুন বৈপ্লৱিক আদৰ্শৰ চিন্তা-চেতনাৰে বিহ ঢালিবলৈ চেষ্টা কৰে, তেওঁ সহ্য কৰিব কেনেকৈ ?

    যথাসময়ত জন-দৰদী পাৰ্টিৰ ব্লক কাৰ্যালয়ত সংবাদ মেল আৰম্ভ হ'ল। মাননীয় বিধায়ক ৰূপান্তৰ মৰাঙে সাম্প্ৰতিক ঘটনাক্ৰমৰ আঁত ধৰি সংবাদমেলৰ পাতনি মেলিলে। সংবাদিক বন্ধু সকল আমাৰ মুলুকপাম অঞ্চলৰ কেন্দুগুৰি গাওঁত সংঘটিত দুটা অতি অবাঞ্ছিত হত্যা-হিংসাৰ ঘটনাক কেন্দ্ৰকৰি সমগ্ৰ ভোগপুৰ সমষ্টিটোৱেই উত্তপ্ত হৈ পৰিছে। এনে ঘৃণীয় ঘটনা কোনোদিন হোৱা নাছিল আৰু ভৱিষ্যতে হোৱাৰো সম্ভাৱনা নাছিল। সেয়েহে স্থানীয় বিধায়কৰূপে সংবাদ মাধ্যমৰ যোগেদি এনে অনাহূত ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছো আৰু এনে অমানুষিক হত্যা-হিংসাত জৰিত সমাজবিৰোধী শক্তিসমূহকো তীব্ৰভাষাৰে গৰিহণা দিছো। আপোনাসকলে জানে এগৰাকী মহাবিদ্যালয়ৰ শিক্ষাগুৰু আৰু স্থানীয় ছাত্ৰ সংগঠনৰ এগৰাকী সক্ৰিয় ছাত্ৰ-নেতাক কম সময়ৰ ব্যৱধানতে দলবদ্ধভাৱে যাঠি-জোং লৈ হত্যা কৰি ৰাতিৰ অন্ধকাৰৰ আঁৰ লৈ নদীৰ বুকুত ভঁহাই সাধাৰণ হত্যা-হিংসাৰ ঘটনা নহয়। এয়া অপৰাধপ্ৰৱণ এক সমাজবিৰোধী অপশক্তিৰ পৰিকল্পিত হত্যা-কাণ্ড। আপোনালোকে জানে যে গণ অধিকাৰ সংগ্ৰাম সমিতি নামৰ এটা পাবত গজা মঞ্চই মুলুকপাম আঞ্চলিক ছাত্ৰ সন্থাক প্ৰৰোচিত কৰি এনে অকল্পনীয় সমাজবিৰোধী কামত লিপ্ত কৰোৱা বুলি মই বহু ওজৰ-আপত্তি লাভ কৰিছো। মই স্থানীয় বিধায়কৰূপে এই বিষয়ে জিলা-মকুমা প্ৰশাসনৰ সংশ্লিষ্ট সকলো পক্ষকে ইতিপূৰ্বে অৱগত কৰিছো। গণ অধিকাৰ প্ৰতিষ্ঠাৰ নামত সৰ্বসাধাৰণ ৰাইজক বিপথে পৰিচালনা কৰাতো কেতিয়াও কোনো কাৰণতে গ্ৰহণযোগ্য হব নোৱাৰে। তদুপৰি সংগ্ৰামী মঞ্চৰ দোহাই দি আনকি জনমানসত তেওঁলোকে মোৰ ভাৱমূৰ্তি লাঘৱ কৰিবৰ বাবেও অহৰহ চেষ্টা চলাই আছে। হত্যা-হিংসাৰ ঘটনা আইনবিৰূদ্ধ অপৰাধ। আইনে নিজৰ ধাৰা নিজেই ঠিক কৰি লব। তাৰবাবে আৰক্ষী প্ৰশাসন আৰু আইন-আদালত আছে। কিন্ত্ত বিধায়ক হিচাপে সৰ্বসাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ বাবে মাত মতাটো জনপ্ৰতিনিধি হিচাপে মোৰ দায়িত্ব আৰু কৰ্তব্য। যিমানেই ভাবুকি নাহক লাগিলে আমাৰ জন-দৰদী পাৰ্টিয়ে মাত মাতি যাব। আপোনাসকলে মোক দোষাৰূপ কৰি কব

    কেন্দুগুৰিত সংঘটিত ঘটনাত দোষী-নিৰ্দোষী বিচাৰ নকৰাকৈ আপোনালোক আৰক্ষী সকলে মুলুক পাম ছাত্ৰ সংগঠনৰ ২৩-৩০ জন সদস্যকেই দেখোন কৰায়ত্ত কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰিলে। সাংবাদিক বন্ধু সকল আপোনালোকে প্ৰচলিত ন্যায় ব্যৱস্থাত আপোনালোকে বিশ্বাস আৰু আস্থা ৰাখক। দোষী-নিৰ্দোষী সকলো চিনাক্ত হ'ব। এয়াও মনত ৰাখিব যে নিৰ্দোষী মানুহক আইনে একো কৰিব। আজি মই সংবাদ মাধ্যমৰ যোগেদি জিলা প্ৰশাসনক জনাব মুলুক পাম অঞ্চলত হত্যাকাণ্ডৰ মাষ্টাৰ-মাইণ্ড সকলক এতিয়াও ধৰা পৰা নাই। তেওঁলোক এতিয়াও মুকলি আকাশৰ তলত। জিলা প্ৰশাসনলৈ মোৰ অনুৰোধ এনে নৃশংস হত্যাকাণ্ডৰ লগত জৰিত কোনো ৰৌ-বৰালি যাতে সাৰি নাযায়। প্ৰকাৰান্তৰে মুখাৰ আঁৰৰ মুখা খুলি বিধায়ক গৰাকীয়ে ইংগিতধৰ্মী ভাষাৰে কৈয়েই পেলালে যে এই ডাঙৰ ডাঙৰ ৰৌ-বৰালী বোৰ নৈ বা বিলত নাথাকে; থাকে জন অৰণ্যৰ আঁৰলৈ, গণ সংগ্ৰামীৰ মুখা পিন্ধি । এই বিষয়টো গৃহ-মন্ত্ৰীকো আছুতীয়াকৈ মই অনুৰোধ জনাম। তাৰপিছত জাউৰীয়ে জাউৰীয়ে সাংবাদিক বন্ধু সকলৰ প্ৰশ্ন। সমান্তৰালভাৱে ইলেক্ট্ৰনিক মেডিয়াৰ বাইট। সংবাদ মাধ্যমত বহুল প্ৰচাৰ-প্ৰসাৰ হোৱাত কেন্দুগুৰিৰ ঘটনাতোৱে সৰ্বসাধাৰণ ৰাইজৰ জনমানসত এক নতুন মাত্ৰা লাভ কৰিলে।

    ৰাজহুৱা সভা আয়োজন কৰা সভাস্থলীত অগ্নিগৰ্ভা পৰিস্হিতি দেখি জন-দৰদী পাৰ্টিৰ ব্লক-সভাপতি দুৰ্লভ পাতিৰ উধাতু খাই কেন্দুগুৰি গাওঁৰ পৰা দৌৰি আহি স্থানীয় বিধায়কক সকলো বিৱৰি কলে। স্থানীয় বিধায়ক ৰূপান্তৰ মৰাঙেও আৰক্ষী প্ৰশাসনৰ যোগেদি ইতিমধ্যে সকলো খবৰ লাভ কৰিছিল। সেয়েহে স্থানীয় বিধায়ক মৰাঙৰো নিৰাপত্তাজনিত কাৰণত ৰাজহুৱা সভা বাতিলৰ বাহিৰে কোনো গত্যন্তৰ নাছিল। তেওঁ বতৰ চাই কঠিয়া পৰাৰ কৌশল অৱলম্বন কৰি ব্লক-সভাপতি দুৰ্লভ পাতিৰক কাষলৈ মাতি আনি ক'লে চিন্তাৰ কোনো কাৰণ নাই। মই আছো নহয়; নিচিন্ত থাকক । সকলো সমস্যাৰেই সমাধানসূত্ৰ আছে। মাথো মোক অলপ সময় চিন্তা কৰিবলৈ দিয়ক। সকলো পৰিস্থিতি নিয়ন্ত্ৰণত আহিব। কথাষাৰ কৈ ৰূপান্তৰ মৰাঙে এবাৰ হাতৰ বুঢ়া আঙুলিৰে নিৰুদ্বিগ্ন কায়দাৰে নাকটো মোহাৰি ললে। তাৰপিছত পিছত ক'লে- অকনো পলম নকৰাকৈ আজি বিয়লি ৪-৩০ বজাত সংবাদ মেল এখনৰ আয়োজন কৰা। স্থানীয় সকলো সংবাদ মাধ্যমৰ সংবাদিক বন্ধুসকল উপস্থিত থকাটো নিশ্চিত কৰিবা। আমাৰ জন-দৰদী পাৰ্টিৰ সংবাদ কোষে তাৎক্ষণিক পদক্ষেপ লব লাগে। আমাৰ বাবে এই বিস্ফোৰণমুখী সময়ৰ প্ৰতিটো মূহূৰ্তই মণি মুকুতাতকৈও মূল্যবান। বিধায়কে কোৱা কথাষাৰৰ অন্তৰ্নিহিত অৰ্থটো কিন্ত্ত সভাপতি দুৰ্লভ পাতিৰে গভীৰভাৱে উপলব্ধি কৰিব নোৱাৰিলে। এনে জটিল পৰিস্থিতিত আচহুৱা যেন লগা উক্তিবোৰ জানো অবান্তৰ নহয়, তেওঁ মনতে আওৰাই তেওঁলোকৰ নেতা বিধায়ক মহোদয়ক একো নকলে।

    তাৰ মাজতে এচাম সুবিধাবাদী মানুহে মধ্যস্থতাৰ প্ৰস্তাৱ লৈ স্থানীয় বিধায়ক ৰূপান্তৰ মৰাঙক দেখা-সাক্ষাত কৰিলে। ৰাজনৈতিক চিত্ৰপট সলনিকৰণৰ অনুঘটক তেওঁলোক। কবলৈ গলে তেওঁলোক বগাক কলা কৰাত আৰু কলাক বগা কৰাত ওস্তাদ। এক কথাত কবলৈ গ'লে তেওঁলোক সাতঘাটৰ চেঙেলী মাছ। লুটি-বাগৰ মৰাটো অনি নিপুণ খেলুৱৈ। বিধায়ক ৰূপান্তৰ মৰাঙো ৰাজনৈতিক চাল দিয়াত চূড়ান্ত সিদ্ধহস্ত

মধ্যস্থতাকাৰীৰ প্ৰস্তাৱ সম্পৰ্কত তেওঁ বিবেচনা কৰিব চাব, কিন্ত্ত তেওঁৰ গৃহ- সমষ্টিৰ বাহিৰতহে। পাৰিলে তেওঁলোক কল্যাণপুৰ অভয়াৰণ্যৰ অনুৰাগ টুৰিষ্ট লজলৈ আহক। প্ৰাকৃতিক সৌন্দৰ্যও উপভোগ কৰিব পৰা হ'ব আৰু লগতে সকলো কথা মুকলিকৈ আলোচনা কৰিব পৰা হ'ব। তদুপৰি আমাৰ আলোচনা কালত মুলুকপাম আঞ্চলিক ছাত্ৰ সংগঠন আৰু গণ অধিকাৰ সংগ্ৰামী মঞ্চৰ আত্নগোপন কৰি থকা শীৰ্ষ-স্থানীয় দুই-চাৰি গৰাকী নেতাও সোঁশৰীৰে উপস্থিত থাকিব লাগিব। তেওঁলোক আলোচনাত মিলিত হলে সম্প্ৰতি তেওঁলোকৰ বিৰুদ্ধে চলি থকা আইন-আদালতৰ বিষয়বোৰো পৰ্যালোচনা কৰিম। আইনী প্ৰক্ৰিয়াত মোৰ সীমাবদ্ধতা থাকিলেও বিপদৰ সময়ত স্থানীয় বিধায়কৰূপে নিশ্চিতভাৱে মই যৎকিঞ্চিত হলেও সহায় কৰিব পাৰিম। এই বাৰ্তা আপোনালোকে তেওঁলোকক দিব লাগে। স্থানীয় বিধায়কৰ কথা; তাতে আকৌ তেওঁ যি এবাৰ কয়, তাক সহজে প্ৰত্যাহাৰ নকৰে। সেয়েহে মধ্যস্থতাকাৰী সকলেও বিনা প্ৰতিবাদে বিধায়কৰ কথাত হয়ভৰ জনালে।

    ভোগপুৰ সমষ্টিৰ বিধায়কৰ কথামতেই মধ্যস্থতাকাৰী সমন্বিতে আত্ম-গোপনকাৰী দুই সংগঠনৰ নেতাসকল আত্ম-প্ৰকাশ কৰিলে। তাৰপিছত ৰাজনৈতিক চৰ্ত-সম্বলিত এখন গোপন চুক্তি সম্পাদিত হ'ল। যিহেতু বিধান সভা সমষ্টিৰ সাধাৰণ নিৰ্বাচন সমাগত। সেয়েহে আগন্ত্তক বিধান সভা নিৰ্বাচন ত তেওঁলোকে জন-দৰদী পাৰ্টিক পূৰ্ণ-সমৰ্থন জনাই আকৌ বিপুলভোটত জিকাই আনিব লাগিব। চৰকাৰ যিহেতু জন-দৰদী পাৰ্টিয়েই পুনৰ গঠন কৰিব ; তাত কোনো সন্দেহ নাই। স্বায়ত্ত-শাসনৰ দাবী প্ৰসংগ টানি বিধায়ক ৰূপান্তৰ মৰাঙে কলে যে এইবাৰ আমাৰ চৰকাৰ পুনৰ গঠন হলে আপোনাক সকলক আমি স্বায়ত্ত-শাসন দিয়ামেই। আৰু তদৰ্থ ভিত্তিত গঠিত হব লগা স্বায়ত্ত-শাসন ব্যৱস্থাপনাৰ প্ৰশাসনিক মুখ্য-কাৰ্যবাহী দায়িত্বও আপোনালোকেই পালন কৰিব লাগিব। আপোনালোকৰ নেতৃত স্বায়ত্ত-শাসন গঠিত হলে আমাৰ পিছপৰা জনগোষ্ঠীটোৰো দীৰ্ঘ-দিনীয়া সপোন পূৰণ হ'ব। আজিৰ পৰা আপোনালোকে মুলুকপাম বুলিয়েই মোৰ গৃহ-সমষ্টি সমগ্ৰ ভোগপুৰ সমষ্টিতেই নিশ্চিন্তমনে সাংগঠনিক কাম-কাজ কৰিব পাৰিব। পিছে, আপোনাসকলে ইয়াৰ পৰা গৈ স্থানীয় ৰাইজক গোহাৰি পত্ৰৰ যোগেদি জনাব লাগিব যে জন-দৰদী পাৰ্টি সকলোতকৈ প্ৰিয় জন-কল্যাণকামী ৰাইজৰ দল। সেয়েহে আগন্ত্তক বিধান সভাৰ সাধাৰণ নিৰ্বাচনত জন-দৰদী পাৰ্টিৰ শক্তিশালি প্ৰাৰ্থীক বিপুল ভোটত জয়-যুক্ত কৰাই পুনৰ চৰকাৰ গঠন কৰিব লাগে। কথামতেই কাম। মুলুক পাম ছাত্ৰ সন্থা আৰু গণ অধিকাৰ সংগ্ৰামী সমিতিয়ে দিনে-নিশাই ৰাইজৰ মাজত নিজা বচন-বদ্ধতা সাৰোগত কৰি সাংগঠনিক কাম-কাজ যুদ্ধ কালীন গতিত আগুৱাই নি থাকিল। স্থানীয় ৰাইজেও সকলো পাহৰি সহযোগ কৰি থাকিল। যথাসময়ত নিৰ্বাচন আহিল। বাঘে-ছাগে একে ঘাটতে পানী খোৱাৰ বতৰ। জন-দৰদী পাৰ্টিৰ বাক-চাতুৰ্য প্ৰাৰ্থী ৰূপান্তৰ মৰাং নিৰ্বাচনত জপিয়াই পৰিল। ছাত্ৰ সন্থা, গণ অধিকাৰ সংগ্ৰামী মঞ্চ আৰু মুলুকপামৰ স্থানীয় ৰাইজে দলীয় প্ৰাৰ্থী ৰূপান্তৰ মৰাঙক লগত লৈ বিশাল ৰাড-শ্ব' পাতি জন-দৰদী পাৰ্টি জন-মোহনী পাৰ্টিলৈ ৰূপান্তৰ কৰিলে। তাৰ মাজত হেৰাই গ'ল ৰহস্যময় হত্যা-কাণ্ডত নিহত উদয়ভানু কাৰ্দ্দঙৰ বিধবা-পত্নী মৌচুমীৰ বুকু ভঙা কণ্ঠস্বৰ। নিৰ্বাচনত আকৌ ৰূপান্তৰ মৰাং বিপুল ভোটত জয়ী হ'ল। বিজয়ী প্ৰাৰ্থীক খোলা বিলাসী বহনত তুলি জয়ধ্বনি দি আগবাঢ়ি যাওঁতে ৰাজপথত মাথো বাঢ়ি গৈ আছিল জনস্ৰোতৰ লানি-নিছিগা শোভা…।


Doksiri দকচিৰি, আগষ্ট, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages