টাবু টাইদ আৰু মিচিং ভাষা
জাতিৰাম কমান
প্ৰয়াত টাবু টাইদ দেৱৰ বিষয়ে কেবাখনো প্ৰৱন্ধ ইতিমধ্যে আমাৰ লেখা কবাত কবাত প্ৰকাশ হৈছে। দকচিৰি ই-মেগাজিনতো তেখেতৰ বিষয়ে ইতিমধ্যে আমাৰ কাপেদি লেখা প্ৰকাশ হোৱা যেন অনুমান হয়! তথাপি সম্পাদক তপন লালৰ তাগিদাত দুই হেজাৰ চৌবিছ বৰ্ষৰ আগষ্ট মাহৰ সংখ্যাৰ বাবে চুটিকৈ তেখেতৰ বিষয়ে কিছু কথা ব্যক্ত কৰাৰ প্ৰয়াস কৰিম। তেখেত এই সংসাৰ এৰি যোৱা প্ৰায় পাঁচ বছৰেই বাগৰি গ’ল। তেখেতৰ প্ৰয়াণৰ পাছত আকৌ ন কৈ তেওঁৰ বিষয়ে কিছু দৃষ্টিপাত কৰা হৈছে।
আগষ্ট মাহৰ ১৭ তাৰিখে তেওঁৰ পঞ্চম মৃত্যু বাৰ্ষিকী। মৃত্যু বাৰ্ষিকীত তেখেতক স্মৰণ কৰি বহুতে নানান কবিতা প্ৰবন্ধ আদি লিখিব তেওঁক স্মৃতিচাৰণ কৰি। কিন্তু আমি কিছু পৃথক দৃষ্টিৰে অতি চমুকৈ তেখেতৰ চিন্তন আৰু কৰ্মৰাজিৰ বিষয়ে যৎকিঞ্চিত বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিম।
থাউকতে ক’বলৈ গ’লে প্ৰয়াত টাবুৰাম টাইদ অসমৰ এগৰাকী আগশাৰীৰ শিক্ষাবিদ আছিল। আগশাৰীৰ বুলি সেইকাৰণেই কৈছোঁ যে তেওঁ অসমৰ উল্লেখনীয় শিক্ষানুষ্ঠান সমূহৰ প্ৰাণকেন্দ্ৰ গৰিমাময়ী কটন কলেজত শিক্ষকতা কৰিছিল, যিখন মহাবিদ্যালয়ত অসমৰ বৰেণ্য মেধাসম্পন্ন শিক্ষকসকলৰহে স্থান আছে। লগতে বছৰি অসমৰ বিভিন্ন ঠাইৰ পৰা ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হোৱা শীৰ্ষত অৱস্থান কৰা মেধাৱী ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ নিমিত্তে ভিৰ কৰেহি এইখন মহাবিদ্যালয়ত। কাজেই, তেনে এখন বিখ্যাত মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ আপাহতে তেখেতক আমি অসমৰ অন্যতম এগৰাকী আগশাৰীৰ শিক্ষাবিদৰ শাৰীত ৰাখিব পাৰোঁহক। অসমৰ বহু বৰেণ্য চিন্তাবিদ, কবি সাহিত্যিক লেখক নিবন্ধকাৰ কটন কলেজত শিক্ষকৰ শাৰী পুৰাইছে তাৰেই মাজৰ টাবু টাইদদেৱ অন্যতম এগৰাকী অধ্যাপক।
কটন কলেজত অধ্যাপনা কৰাৰ গৌৰৱ অৰ্জন কৰাৰ ওপৰিও তেওঁ অসমৰ এগৰাকী শিক্ষাধিকৰ্তাও। উচ্চ মাধ্যমিক তথা উচ্চতৰ মাধ্যমিক শিক্ষা বৰ্ডৰ উচ্চতম পদত অধিষ্ঠিত হোৱাৰ কৃতিত্বৰ গৰাকী তেওঁ।
অৱসৰকালীন সময়ছোৱাত আনন্দৰাম বৰুৱা ভাষা, কলা আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ (ABILAC) সঞ্চালক হিচাপেও তেওঁ কাৰ্য নিৰ্বাহ কৰে।
শিক্ষা জীৱনত স্বৰ্গীয় টাবু টাইদ এগৰাকী মেধাসম্পন্ন ছাত্ৰ আছিল। তেওঁ সৰ্ব ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাতো কৃতিত্বৰে উত্তীৰ্ণ হৈছিল কিন্তু স্বাস্থ্যজনিত কাৰণত সেই সন্মানজনক চাকৰিৰ পৰা বঞ্চিত হ’ব লগা হয়।
ই যি কি নহওঁক, তেওঁৰ মেধাশক্তিক অথলে যাব দিয়া নাছিল। কটন কলেজৰ দৰে গৌৰৱোজ্জ্বল কলেজত অধ্যাপনা কৰাৰ লগতে অসম চৰকাৰৰ শিক্ষাধিকৰ্তাৰ পদত থাকি শিক্ষা বিষয়ত নিয়োজিত থাকি জীৱনটো সাৰ্থক কৰে তেওঁ।
প্ৰয়াত টাবু টাইদ প্ৰকৃতপক্ষে ইংৰাজী সাহিত্যৰ এগৰাকী ছাত্ৰ আছিল। ইংৰাজী সাহিত্যৰ অধ্যাপনা কৰি একে সময়তে ইংৰাজী তথা অসমীয়া সাহিত্য চৰ্চা কৰি তেওঁ ইংৰাজী তথা অসমীয়া সাহিত্যত স্থান ৰাখি থৈ যাব পাৰিলেহেঁতেন অসমৰ বহু শিক্ষাবিদ তথা বিদগ্ধ পণ্ডিত সকলৰ দৰে। কিন্তু তেওঁৰ স্বাস্থ্যই সেইক্ষেত্ৰত বাটৰ হেঙাৰ হিচাপে থিয় দিলে যেন আমাৰ অনুমান হয়! সৃষ্টিধৰ্মিতা তেওঁৰ মন মগজুত আছিল যদিও মূৰ্তিমান ৰূপত বৰ্হিপ্ৰকাশ নহ’ল তেওঁৰ কাপেদি। অনেক আধালেখা ডায়েৰীৰ পাতত বিমূৰ্ত হৈ স্থৱিৰ হৈ ৰৈ গ’ল এচুকত! তেনে এটা কালক্ষণতে হয়তু তেখেতৰ মন মগজুয়ে খুন্দিয়ালে যে তেওঁ জীৱিত কালত অন্ততঃ কিছু দি যাব লাগিব সমাজৰ বাবে, নিজৰ জাতিটোৰ বাবে, আপোন জনগোষ্ঠীটোৰ বাবে। তেওঁ দেখিলে যে থুনুক থানাক মাতেৰে তেওঁ আই বুলি মতা মা’ৰ ভাষাটো লাহে লাহে অন্য বৃহৎ ভাষাগোষ্ঠীৰ গ্ৰাসত ক্ৰমান্বয়ে জাহ যাব ধৰিছে! ভাষাটো লাহে লাহে নিশকতীয়া হৈ জীৰ্ণ শীৰ্ণ অৱস্থাত উপনিত হ’বলৈ লৈছে! ভাষাৰ বৈশিষ্ট্য লাহে লাহে লোপ পাব ধৰিছে....কথিত ভাষাটো যেন দোৱানলৈ পৰ্যবসিত হ’ব ধৰিছে ক্ৰমাগত ভাৱে....ঠিক তেনে সময়তে তেওঁৰ ষষ্ঠ ইন্দ্ৰিয়ই হয়তু আহ্বান জনালে - ভাষাটো জানো এনেকৈ চকুৰ আগতে মৰহি যাবলৈ দিব পাৰি ? নিশ্চয় নোৱাৰি। লগে লগেই কায়মনোবাক্যে হাতে কামে লাগি গল ভাষাটোৰ উত্তৰণৰ বাবে তেওঁৰেই সতীৰ্থ অধ্যাপক নাহেন্দ্ৰ পাদুনৰ সতে।
১৮ এপ্ৰিল ১৯৭২ চনৰ পৰা ধাৰাবাহিকভাৱে লাগি মেলি ভাষাটো মৰহি যোৱাৰ পৰা পুনৰুজ্জীবিত কৰি তুলিলে। শুকাই যাব ধৰা ভাষাৰ কলিটো পোখা মেলি ঠন ধৰি লহ পহকৈ বাঢ়ি আজিৰ অৱস্থা পালেহি।
এইখিনিতে উনুকিয়াব খোজো যে ভাষাতত্ববিদ অধ্যাপক টাবু টাইদ আৰু সাহিত্যাচাৰ্য অধ্যাপক নাহেন্দ্ৰ পাদুন দুয়োগৰাকী ব্যক্তিয়েই হ’ল মিচিং ভাষাৰ হোতা আৰু সেই কথা মিচিং সমাজৰ দ্বাৰা সৰ্বজন স্বীকৃত। মিচিং ভাষাক নিৰহ নিপানীকৈ আগ বঢ়াই নিয়াত দুই অগ্ৰজৰ ভূমিকাক মিচিং সমাজে সৰ্বত্ৰে স্বীকাৰ কৰে।
মিচিং ভাষাৰ পুনৰুত্থানৰ ক্ষেত্ৰত দুই মহাৰথীৰ ভূমিকাক নত শিৰে মিচিং ৰাইজে স্বীকাৰ কৰি আহিছে। কিন্তু এইখিনিতে আমাৰ কিছু খুদুৱনি থাকি গ’ল মিচিং ভাষাটো লৈ এতিয়াও চলি থকা গেথেলা মৰা দুটিমান বিষয় নিষ্পত্তি নোহোৱাৰ হেতু।
এক, Mising/Mishing ৰ অসম্পূৰ্ণ তাত্ত্বিক বিশ্লেষণ । দুই, বানান পদ্ধতিৰ আসোঁৱাহ।
এক নম্বৰ বিষয়টো নিষ্পত্তি হ’ল বুলি ধৰি ললোঁ।
দুই নং বিষয়টোহে এতিয়াও আমাৰ মন মগজুত অৰ্ধসত্যৰ দৰে খেলা কৰি আছে। গোটেই বিষয়টোৱেই “অশ্বত্থামা হত, ইতিঃ গজঃ!ৰ দৰে কথাবোৰ জুমুঠি বান্ধি আছে!
মিচিং লিপিৰ বাবে দেৱনাগৰি বৰ্জন কৰি ৰোমান লিপিক আকোঁৱালি লোৱা হ’ল। আমাৰ বোধেৰে বানান পদ্ধতিটো পানিনী পদ্ধতিৰে কৰাৰ পক্ষতেই দুয়ো গৰাকী পণ্ডিতৰ সহমত আছিল হয়তু!
কিন্তু ৯/১১/২০১৭ তাৰিখে গুৱাহাটীৰ গনেশগুৰি স্থিত অম্বৰিশ হোটেলত বহা আগম কৗবাঙৰ বিশেষ সভাত হেনো পাণিনীয় পঠনৰীতিৰ পৰা ইংলিছ পঠন পদ্ধতিলৈ পৰিৱৰ্তন কৰা হ’ল মিচিং পঠনৰীতি।
যত যিয়েই নহওঁক, এগৰাকী বৰ্তমান এই সংসাৰত নাই। আন গৰাকী এতিয়াও আছে আৰু তেওঁ ইংলিছ পঠন ৰীতিৰ মুঠেও পক্ষপাতী নাছিল আৰু এই পৰ্যন্ত নাই।
মিচিং ছাত্ৰ সংগঠন কৰি মিচিং ভাষা আৰু কৃষ্টি সংস্কৃতিৰ বাবে আজীৱন ত্যাগ স্বীকাৰ কৰা এগৰাকী ব্যক্তিৰ ভাষ্য - “আমাৰ সকলোৰে শ্ৰদ্ধাৰ স্বৰ্গীয় টাবু টাইদ ছাৰে নিজৰ আজীৱন সাধনাৰ ফলক নিজ হাতে কুঠাৰাঘাত কৰি গল! এয়া কাৰোবাৰ প্ৰৰোচনাত হল নে সময়ৰ কুটিল পাক্ চক্ৰত পৰি হল নাজানো, কিন্তু তেওঁ অনিচ্ছাকৃত ভাৱেই ইংৰাজী পঠন ৰীতিৰ অনুমোদনত প্ৰথমে স্বাক্ষৰ বহন কৰি গল! অৱশ্যে তেওঁ পৰীক্ষামূলক ভাৱেহে সন্মতি দিছিল হেনো! কিন্তু পৰৱৰ্তী অধিৱেশনত মিচিং আগম কৗবাঙে তাতেই স্থায়ীবাবে মোহৰ মাৰি দিলে।
ই যি কি নহওঁক, এয়া মিচিং আগম কৗবাঙৰ ভিতৰুৱা বিষয়। আমি মাত্ৰ শ্ৰদ্ধেয় নাহেন্দ্ৰ পাদুন দেৱৰ সেই সন্দৰ্ভত কৰা অসন্তোষৰ কথা জানিহে প্ৰাসংগিক ভাৱে উল্লেখ কৰিলোঁ। বাকী ভাষাবিদ, মিচিং ভাষাৰ বৰেণ্য ব্যক্তি, মিচিং ভাষাৰ সাধক, বিষয়ববীয়াই সকলো মত বিৰোধ এৰি লাগি ধৰা জঁট নিষ্পত্তি কৰি ভাষাটো অগ্ৰগামী কৰাব বুলি আশা ৰাখি সামৰিছোঁ।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment