শাওনৰ পথাৰ
প্ৰীতি পংকী গগৈ
তিনিচুকীয়া, কাকপথাৰ
(১)
পূবে ধলফাট দিলে
এচমকা কোমল ৰ’দ
এঙামুৰি কাঢ়ি শেতেলী
এৰি আই গ’ল পথাৰলৈ
(২)
ৰ'দৰ তাপত, বৰষুণৰ
টোপালত
একাঠু পানী, এপল বোকাত
এজাক চঞ্চলা ৰোৱনী
(৩)
পথাৰৰ আলিটোতে
কৰাৰ মহলা
পোৰা মাছ, আলু পিটিকা
পঁইতা ভাত
(৪)
কোঁচনি কোচাই
প্ৰাণ খোলা হাঁহিৰে
তামোলৰ পাক দি
সিঁচিছে আশাৰ বীজ।
(৫)
এজাক শীতল বতাহে
চুই গৈছে, ৰোৱনীৰ
দেহ মন, উমি উমি
ভাঁহিছে আশাৰ কিৰণ।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment