বৰষুণ
বিজুলতা পায়েং
গোগামুখ
ৰিমঝিম ৰিমঝিমকৈ
নামি আহিল এজাক বৰষুণ।
তোমাৰ সুগন্ধিত
ক’লা ডাঁৱৰেও আঁতৰিল
উলাহত উন্মনা হৈ
জীপাল হৈ উঠিছে শুকান বননি,
তোমাৰ পৰশত
গছৰ বিৰিখে বিৰিখে
শুৱলা সংগীত গাই
বন পখীয়েও
নাচি উঠিল নিজান বনত;
বসুন্ধৰাও সাৰ পাই
শস্য সম্ভৱা হৈ সেউজী কৰি তুলিল,
খেতিয়কৰ সপোনৰ
শ্যামলী পথাৰ।।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment