শৰতৰ গধূলি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

শৰতৰ গধূলি


শৰতৰ গধূলি  


                    বন্তি গোস্বামী 

                         গুৱাহাটী


শৰতৰ পূৱাতে 

কঁহুৱা ফুলিলে 

হালিছে জালিছে ক’ত 

শেৱালি পৰিছে

দুবৰি দৰাতে

বুটলি আনোগৈ বল।


নিয়ৰো পৰিছে

দেহ মন তিয়ালে

উদুলি মুদুলি হ’ল 

ৰ’দ কাচলিয়ে

ভুমুকি মাৰিছে

অজান মুলুকত ৰৈ

শৰতৰ গধূলি 

তৰাৰ তিৰিবিৰি

জোন জোনাকী হ’ল 

আৱেগতে আহি 

দুবাহুৰ মাজতে

কোনোবা থমকি ৰ’ল।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages