শৰত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

শৰত

 

শৰত


             কমলেশ্বৰ চুংক্ৰাং


সৌৱা কি

দেখিছানে বাৰু !

দেখোন বিশাল শুকুলা আৱৰণ

আকাশখন খহি পৰা নাইতো !

কিজানিবা এজাক বগলী

বহলাই বহি আছে এনেকৈ

ইটোৱে সিটোৰ গা ঘঁহাই !


এয়া মাজুলী যেন লাগিছে

নে এয়া ডিব্ৰু ছৈখোৱা !

নাই ডিব্ৰু ছৈখোৱা হলেতো

সোণত সুৱগা চৰাকৈ

ৰঙা বগা মূগাকৈ এজাক

বনৰীয়া ঘোঁৰাও দেখিব

কহুৱাৰ আঁৰে আঁৰে !


এয়া দেখোন ৰিব্ ৰিব্ 

মলয়াৰ ঢৌ দেখিছোঁ

সাগৰ সদৃশ কহুৱা ফুলৰ পৃষ্ঠ

বাঃ কি যে অপৰূপ দৃশ্য !

অ’ বুজিলো এয়া ধৰাত

ঋতুৱে অঁকা ৰঙীন ছবি

এয়া শৰত !


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages