জীৱন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

জীৱন

 

জীৱন 


               সৰিফুল আলম

              মায়ং, মৰিগাঁও


এটি জীৱন্ত সংগ্ৰাম 

নাই দিন, নাই ৰাতি 

কেৱল সংগ্ৰাম আৰু সংগ্ৰাম।

পেটৰ এমুঠি অন্নৰ বাবে 

ক’ত যে কিমান পৰিশ্ৰম।

এই ব্যস্ততাময়ী কোলাহলত 

কাৰ নো আছে সময় 

এবাৰ ঘূৰি চোৱাৰ 

মাত এষাৰ দিয়াৰ।

নাই যে ভাই,

আজি কাৰোৰে সময় নাই 

জীৱনটো এক সৰু যাত্ৰা 

হাঁহিমুখে কৰিবা পথযাত্ৰা 

যদিওবা পথ হয় অন্ধকাৰময় 

আৰু কুঁৱলীৰে ভৰা,

তথাপিও অক্ষুণ্ণ ৰাখিবা মিচিকনি,

নকৰিবা অনুভৱ অকলশৰীয়া।

কি ধনী, কি দুখীয়া সকলো 

একজনৰে সৃষ্টি।

বজাই ৰাখিবা এনাজৰী,

হৃদয়ত লভিবা শান্তি 

পাবা বিচাৰি এক নতুনত্বৰ সন্ধান 

নিজৰ মাজতেই, এক মহান আত্মাৰ 

হে পথযাত্ৰী।।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages