কেতিয়াবা সুধিব দেউতাক
কৃষ্ণ দাস
লখিমপুৰ
কেতিয়াবা সুধিব দেউতাক ?
কিমান বৰষুণ দিলে
দেউতাৰ গা তিতিব ।
কেতিয়াবা সুধিব দেউতাক ?
কিমান ৰ'দ দিলে
দেউতাৰ গা গৰম হব।
কেতিয়াবা সুধিব দেউতাক ?
কেনেধৰণৰ কথাই তেওঁক
থমকাই তুলিব ।
কেতিয়াবা সুধিব দেউতাক ?
কেনে পৰিশ্ৰমে তেওঁক
অবসাদ কৰিব।
কেতিয়াবা সুধিব দেউতাক ?
কেনে জোতা কিনিলে
পুৰণা জোতা যোৰ পিন্ধিবলৈ এৰিব।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
No comments:
Post a Comment