সেউজীয়াৰ সন্ধানত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

সেউজীয়াৰ সন্ধানত

 

সেউজীয়াৰ সন্ধানত


                            পৰিমিতা গোস্বামী


আঘোনত সোণগুটি

কোৰোণাৰে চপোৱাৰ হাবিয়াষত

ডেডাউৰিয়াই ফুৰিছোঁ

সেউজীয়াৰ সন্ধানত।

ৰ'দজাকে সেউজীয়াত

ৰহণ চৰোৱাৰ আশাত

উজুটিত নখ এৰুৱাই

ঢাপলি মেলিছোঁ।

ৰ’দৰ তাপ পোহৰ পৰি

সেউজীয়াখিনি সজীৱহৈ

আঘোণলৈ পূৰঠ হওক

জুকিয়াই সামৰিব পৰাকৈ।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages