সময়
প্ৰিয়ংকা চমুৱা
ঢকুৱাখনা, লখিমপুৰ
পল অনুপল কৰি
সময়ৰ ঘড়ীটি দেহী
কেনিনো উৰি যায় অজানিতে
জীৱন বনৰ ৰাগ
বিচাৰি বিচাৰি আহি
হাবাথুৰি খাওঁ যেন প্ৰতিক্ষণ।
প্ৰত্যাশী আবেলিৰ
হেঙুল ৰহণ লাগি
উমলো যেন আলসুৱা অনুভৱত
প্ৰাণময় উচাহৰ ঢল বাগৰি আহি
বুকু জুৰাই যেন হৈ
অমৃত হেঁপাহৰ ৰং….
বন চাই বৰণীয়া
মন মোহনীয়া ছবি
বিষাদ ঘন বতাহৰ শেষৰ মেঘমল্লাৰ ৰাগ
উন্মুখ আবেলিৰ উচাতন উল্লাস।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪

No comments:
Post a Comment