কৃত্ৰিম বানপানী
চাহিদুল আলম চৌধুৰী
মুকালমুৱা, নলবাৰী
বৰষুণ দিলে মহানগৰত
পানীৰে উপচি পৰে,
আলিবাট পথ বুৰাই পেলাই
দুখৰ চকুলো সৰে।
কৃত্ৰিম বানত নগৰীয়াবাসী
ভুগি থাকে বৰ কষ্ট,
চৌদিশে হয় যে যাতায়াত ৰুদ্ধ
পৰিৱেশো হয় নষ্ট।
ইয়াকেই কয় কৃত্ৰিম তাণ্ডৱ
নগৰ ঠাইত হয়,
প্ৰত্যেক বছৰে এই সমস্যাই
সংহাৰী ৰূপ লয়।
সকাহ পাবলৈ নগৰবাসীয়ে
ল'ব লাগিব ব্যৱস্থা,
তেতিয়াহে হ'ব ইয়াৰ নিৰ্মূল
সুচল হ'ব অৱস্থা।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪

No comments:
Post a Comment