শেষকৃত্য
অৰ্জিফা বেগম
নাহৰণি, গোলাঘাট
দেউতাকৰ মৃতদেহলৈ চাই দীপ্তিৰ মাকক হেৰুওৱা অনুভৱ আজিহে হ’ল। মাকৰ মৃত্যুৰ পাছত দুই বছৰ দেউতাকে বহুত কষ্ট পালে। দীপ্তিৰ স্বামীয়ে শহুৰেকক আদৰ কৰে। সৰু ছোৱালী কেইজনীৰ আৰ্থিক অৱস্থা ভাল কাৰণে বায়েক দীপ্তিক সহায় কৰে। দেউতাকৰ খবৰ সৰু দুজনীয়ে বেছিকৈ ৰাখে। আজি দেউতাকৰ মৃতদেহৰ শেষকৃত্য ক'ত কৰিব! জী- জোৱাইৰ মতভেদ হ'ল। জন্মৰ ঘৰখনৰ পৰা পঢ়াই ডাঙৰ মানুহ কৰা ভতিজাকে মাৰিপিটি খেদি দিছিল। দীপ্তিৰ শহুৰৰ গাঁৱৰ মানুহে শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত ল’লে। আপত্তি কৰা জীয়েকক এজনে দা লৈ খেদা দিলে।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪

No comments:
Post a Comment