অমূল্য ধন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

অমূল্য ধন


 অমূল্য ধন 


                   শিল্পী দাস

                     হোজাই


মণি-মুকুতা-সোণ 

অমূল্য ধন নেকি ?

এই ভাৱনাৰে ভাবি থাকিলে 

জীৱনটোৱে দিব ফাঁকি ।


সেউজ আঁচলৰ সোণালী ফচল

প্ৰাণৰো প্ৰাণৰ ধন,

অজ্ঞাত মূৰ্খ মানৱী 

কিয় নুবুজে এয়াই জীৱন।


পথাৰত দুৰ্বল পৰিশ্ৰমী 

ধনী ব্যক্তি ৰজা-ৰাণী,

বুজিও নুবুজে কিয় 

ৰচে ব্যৰ্থ বাণী।


দিনত আনি দিনত খাই 

এই জীৱন যায় যায়,

সুখ-শান্তি অমূল্য ধন 

বুজিও নুবুজো আমি।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages