আমাৰ দেশ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

আমাৰ দেশ

 

আমাৰ দেশ


                 ৰুম্পী দাস

                     হোজাই


১৫ আগষ্ট স্বাধীনতা দিৱস 

স্বাধীন ভাৰত দেশ,

নানা জাতিৰ মিলনভূমি 

সেউজীয়া পৰিৱেশ।


ধৰ্ম-বৰ্ণ নিৰ্বিশেষে 

পৰিচয় আমাৰ এক, 

ভাৰত আমাৰ জন্মভূমি 

বিশ্বৰ মাজত বিশেষ।


শ্বহীদৰ আত্মা শান্তিত

আমি কৰোঁ পূজন, 

বীৰপুৰুষৰ প্ৰতিটো বাণী                         

ভাৰতবাসীৰ অমূল্য ধন।


ধন্য আমি মানৱ জাতি

পূৰ্ণ আমাৰ জীৱন,

সোণোৱালী স্বৰ্গ ভূমিত

হোক আমাৰ মৰণ।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages