হে নাৰী তুমি অনন্যা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

হে নাৰী তুমি অনন্যা

 

হে নাৰী তুমি অনন্যা


                                   ৰাস্না গগৈ

                                  গোলাঘাট 


ইতিহাসৰ বুকু ভেদি

দেখিছো তোমাৰ মহত্বতা, 

জ্ঞান, বুদ্ধি গৰীমাৰে মহিয়সী

নাৰী তুমি অনন্যা... 

সৃষ্টি স্থিতি লয়ৰ গৰাকী তুমি। 

শিক্ষা- সংস্কাৰ আৰু বিবেকক 

কাষত ৰাখি ভেঙুচালিকে 

সন্মান বুলি মানি গৰ্বিত হোৱা

নাৰী তুমি অনন্যা। 

কাৰোবাৰ তুমি মাতৃ

কাৰোবাৰ আকৌ বাই ভনী

কোনোবা জনৰ বাবে আকৌ

 মমতাময়ী তৃষ্ণাৰ সুধা। 

প্ৰেমৰ প্ৰত্যাসী 

নাৰী তুমি অনন্যা। 

জীৱন সাফল্যতাৰ সুন্দৰ প্ৰতীক তুমি। 

মানবীয়তাৰ অলংকাৰ তুমি নাৰী।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages