বিষয়ঃ প্ৰেম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

বিষয়ঃ প্ৰেম



 বিষয়ঃ প্ৰেম


                        মাধুৰ্য প্ৰিয়ম দাস 

                                    মাজুলী


দশকৰ কোনোবা এটা দুপৰীয়া নিউটনৰ গৱেষণাত যতি পৰিছিল

পৃথিৱীৰ অন্যতম শক্তিশালী বলৰ আৱিষ্কাৰ কৰিব নোৱাৰি নিউটন নিৰাশ হৈছিল।


সিদিনা প্ৰেমৰ বাবেই টাইটানিক ডুবিছিল

আৰু প্ৰেমৰ শক্তি গ্ৰেভিটেছনৰ উৰ্ধত বুলি প্ৰমাণিত হৈছিল।


কাঞ্চনমতী

ঠৰ লগা গছজোপা

আৰু

হালি পৰা ছাঁটো

পৃথিৱীৰ আটাইতকৈ পূৰণি সাধু

শ্ৰুডিঞ্জাৰৰ চিঠিৰ শেষৰটো পৃষ্ঠা

ইয়াত মৰি থকা প্ৰেমৰ এটা ৰক্তবীঁজ।


কাঞ্চনমতী

মনৰ ভোকেতো নুবুজে ইয়াত সদৃশ আধানৰ দূৰত্ব

এদিন বসন্ত আহিব ভালপোৱা লৈ 

আৰু মই সৰাপাতৰ দৰে চকুলো টুকিম

চিঠিৰ শেষৰটো পৃষ্ঠাত।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages