এখন হালধীয়া ছবি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

এখন হালধীয়া ছবি

 

এখন হালধীয়া ছবি


                             ৰঞ্জু গায়ন বৰুৱা

                                       নামৰূপ


লহপহকৈ বাঢ়ি অহা

খিলখিলাই হাঁহি থকা,

মোৰ হৃদয়ৰ সৰিয়হ ডৰালৈ

ক’ৰ পৰানো আহিল

অচিনাকী পৰুৱা

মোৰ নাকে কাণেদি সোমাল,

কুটি খায় নষ্ট কৰিলে

মোৰ হৃদয়ত হালধীয়া হৈ

ফুলি থকা সৰিয়হ ডৰা

মই কেনেকৈ ওখ হওঁ

সৰিয়হ হালধীয়া হৈ

ভাল পাওঁ তোমাক ক’বলৈ

কেনেকৈয়ে 

পলকহীন নয়নৰে

চাই হেঁপাহ নপলোৱা মূহুৰ্ত

ধৰি ৰাখিলো আবেগেৰে

সপোন নচা সুপ্ত হেঁপাহ বোৰ।

দুচকুত সিঁচি থলো

কবিতা কবিতা লগা মনটো 

পলসুৱা হ’ল

মোৰ প্ৰাণৰ কবি হাতত ধৰি

হালধীয়াত উবুৰি খাই পৰিলো

 হালধীয়াত অঙ্কিত হ’ল

এখন সচাঁ ছবি !!!


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages