স্বাধীনতাৰ সংজ্ঞা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

স্বাধীনতাৰ সংজ্ঞা

 

স্বাধীনতাৰ সংজ্ঞা


                        বাহাৰুল ইছলাম

                    বালিজান, মৰিগাঁও


ধূসৰ হৈ পৰিল সেই স্বাধীনতা

ঢিমিক-ঢামাককৈ জ্বলি আছে চাকিগচি

যি আছিল বিশ্বৰ অলংকাৰ

না দেখোঁ সমাজত না দেখোঁ দেহাত

প্ৰায় অচিনাকি হ’বলৈ ধৰিছে। 


নীলিম আকাশ, সেউজসনা বসুন্ধৰা

পৰাধীনতাৰ গ্লানিয়ে ছানি ধৰিছিল

শোষিত জনগণৰ কৰুণ ক্ৰন্দনৰ সুৰ

আজিকোপতি ৰিণিকি-ৰিণিকি শুনা যায়

কত মাতৃ বিধৱা হ’ল, কত পুত্র পিতৃহাৰা হ’ল

অগণন নিৰ্যাতিত হ’ল

চৌপাশে বৈছিল কেৱল বিষাক্ত বতাহ

সেই বতাহৰ বেষ্টনী ফালি মহা মহা নেতাসৱৰ

অক্লান্ত প্ৰয়াসৰ উৰ্বৰা ফচলেই স্বাধীনতা। 


মাৰ যোৱা বেলিৰ হেঙুল আঁচলত 

দিনবোৰ শুই পৰাৰ দৰে 

নিস্তব্ধ কৰিছিল দেশ কিম্বা জাতি

জোনাক সৰি পৰা অমাৱস্যাৰ নিশা সদৃশ

ক'লা আৱৰণে ঘেৰি ধৰিছিল

লাহে লাহে পৰিছিল জ্যোতিৰ বৃষ্টি 

বলিষ্ঠ কণ্ঠ কিম্বা নেতৃত্বই

বিদ্যুৎ হৈ উজলাই দিলে সৱকে। 


হেৰাব ধৰিলেও নেহেৰায়

জুতি কমিলেও নকমে অস্তিত্ব

উজ্জ্বলতা হ্ৰাস পালেও 

নগছে অমাৱস্যায়

যি শব্দই কঢ়িয়ায় বিপ্লৱ

বোৱাই দিয়ে উষ্ণ তেজৰ লহৰ

জী তুলে একতা

পাষাণ হৃদয়ত ঢালি দিয়ে 

একাঁজলি প্ৰেম। 


জীৱন-যৌৱনৰ  আশা-ভৰষা

কৰ্ণগোচৰ হয় গগণফলা ৰণধ্বনি

নাসিকাত লাগি আছে আজিও

সহস্র শ্বহীদৰ কেঁচা তেজৰ গোন্ধ

দৃষ্টিগোচৰ হয় প্ৰতিনিতে

সংগ্ৰামী জীৱন-যৌৱন। 


হৃদয়ৰ ভাঁজে ভাঁজে নিগৰিত

এটি কঠিন শব্দ 

এক আৱৰণ তনু-মনৰ

আজি হেনো শুভ্র মেঘৰ আঁৰে আঁৰে ফুৰিছে, 

সেই যে  স্বাধীনতা

গান্ধীজীৰ নামৰ সতে সাঙুৰ খোৱা

আত্ম বলিদানৰ নক্ষত্র

গোটেই দেশৰ বস্ত্র। 


স্বাধীনতাৰ সংজ্ঞা কি নাজানো

আশ্বাসৰ আস্ফালন

ত্যাগ আৰু আত্মবলিদান

ৰন্ধ্ৰে ৰন্ধ্ৰে বৈ থকা দেশপ্রেম

সত্য, সুন্দৰ কিম্বা ন্যায়ৰ হকে এক শিহৰণ

হৈ নপৰক মাথোঁ বাৰ্ষিক পাৰ্বণ।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages