জাৰজ
অবিনাশ কিশোৰ শইকীয়া
গোলাঘাট চিনাতলী
জাৰজ !
বৰ অদ্ভুত শব্দটি
সমাজৰ মাজত পিতৃ মাতৃৰ পৰিচয়ই নিদিয়াটোই দোষ
তাৰ বাবে আজি সমাজৰ দৃষ্টিত আজি মই জাৰজ
কাৰ পাপৰ ফল
কোনে জানে মোৰ পৰিচয়ই কি?
মোৰ কি দোষ
আনৰ দৰে মইয়োতো মাতৃৰ গৰ্ভৰ পৰাইতো জন্ম লভিছো
তেনেস্থলত মোৰ দোষ কি?
মইতো আনৰ দৰে একে কথা কওঁ, একেই বতাহ লওঁ
তেনেস্থলত মোৰ পাপ কি?
অহ, জন্ম হোৱাতোয়েই আচলতে মোৰ পাপ?
মইনো কি জানো?
জন্ম হৈয়েই যে এটি পৰিচয় পাম মানুহৰ দৃষ্টিত।
পিতৃ-মাতৃৰ পৰিচয়ই নোপোৱাটো
মোৰ দোষ নে পাপ?
মইতো কোৱা নাছিলো জাৰজ হৈ জন্ম ল'ম বুলি।
তেতিয়াহ’লে মোৰ ভুল কি ?
মোৰোটো এখন হৃদয় আছে।
মোৰো আৱেগ-অনুভূতি
মৰম বুজি পোৱা ক্ষমতা আছে।
তেতিয়াহ’লে মানুহৰ মাজত মই কিয় ঠাট্টাৰ পাত্ৰ।
মোৰোটো সপোন আছে।
তেতিয়াহ’লে মই কেনেকৈ আনতকৈ পৃথক ?
মোক যে কিয় বাৰে বাৰে পুতৌ কৰি কয় -
তই জাৰজ বুলি।
মোৰো জীয়াই থকা সপোন আছে।
মোৰ দোষ কি ?
অ’ মই জাৰজ হোৱাতোয়েই মোৰ দোষ নে পাপ ?
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪

No comments:
Post a Comment