ক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

 


ক’


          অপৰূপা দত্ত 

     অৰুণাচল প্ৰদেশ 


লৃগাঙৰ দিনাখন ঙক ঘৰলৈ আহিবি 

যোৱা বিহুত যে তোক মিবু গালোকটো দিছিলো 

লৃগাঙৰ দিনা তই পিন্ধি আহিবি দেই

মই ৰিঃবি গাচেং মেৰাই 

মচাং এগে পিন্ধি বুকুত মেথনি মাৰি একেলগে নাচিম

তই তুঃলুং বজাবি 

তঃলুঙৰ সুৰে সুৰে মই 

অঃনে হৈ নাচিম 

পঃৰ আপংঙৰ মতলীয়া ৰাগীত 

ভালপোৱাবোৰ বাকি দিবি 

এতি বনৰীয়া ঐনিঃতম কৰি  

সোৱণশিৰিয়েও জানে 

জংকি পানৈৰ বিষাদ 

চঃমানৰ শেষত যেতিয়া বাঃবু অৰু গাঁৱৰ মানুহবোৰ যেতিয়া

আপঙৰ ৰাগীত  মতলীয়া হ’ব 

তোৰ হাত ধৰি গোচি যাম মই 

দিচাং মুখৰ সেই নক্ আকুম পানে গাঁৱলৈ


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages