নাৰী
জ্যোতিস্মিতা বৰা
যোৰহাট
তন্দ্ৰাৰ শ্বাশ্বত কাৰেঙত
মধু লগণৰ শিহৰণত বাজে
বিক্ষিপ্ত হৃৎৰ উন্মাদ....
আৰু তোমাৰ দুনয়নৰ পানীত
মলঙি উঠে প্ৰতিজ্ঞাবদ্ধ কল্লোল
তোমাৰ মাতৃ যে শয়নকক্ষত
তোমাৰ অপেক্ষাত অধিৰ ব্যাকুল,
সেই অন্ধ গলিৰ পৰা উফৰি অহা দৰ্জাৰ কম্পনত
তোমাৰ জানো ভয়ে হেঁচি নধৰে
হে নাৰী তোমাক কৈছোঁ মই
কিয় দাঁত নিকটাই থকা দেৱালত
আঁকিব পৰা নাই তুমি ক্ষত বিক্ষত অংগৰ
তেজৰ আঁচোৰ?
কিয় নীলা নৈ পানী কৰিব পৰা নাই
ৰঙা ৰক্তৰ ঢল,
সাজু হোৱা অঙ্গনা এয়া তোমাৰ সময়।
আজি তোমাৰ মঙহে লেলিহান শিখা জ্বলিব লৈছে
আৰু ন্যায় ন্যায় চিঞৰি এচামে
ডাষ্টবিনত পেলাই দিছে শব্দ….
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment