শৰৎ তোমাৰেই নাম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

শৰৎ তোমাৰেই নাম

 

শৰৎ তোমাৰেই নাম


                                ৰূপালী মেধী নাথ


শৰৎ তোমাৰেই নাম 

নীল নভৰ বুকুত 

শুকুলা ডাৱৰবোৰে

খেলিছে লুকাভাকু 

দিগন্ত  বিয়পি...।


শৰৎ তোমাৰেই নাম 

কঁহুৱা ফুল ফুলি 

নাচে হালি জালি

মৃদু মলয়াৰ বা লাগি…।


শৰৎ তোমাৰেই নাম 

বিলাই আমোলমোল সুগন্ধি  

পুৱতি বেলাতে  ফুলিছে শেৱালী 

দেখিবলৈ কি যে শুৱনি...।


শৰৎ তোমাৰেই নাম 

টোপাল টোপাল নিয়ৰে

মুকুতাৰ মালা গাঁঠি 

দুবৰিৰ বুকুত যেন 

দিছে দলিচা পাৰি....।


শৰৎ তোমাৰেই নাম 

নানা ৰঙে ৰূপে 

ফুলি ভেট পদুমে 

দিপলিপ গাভৰু হৈ 

সৰসী তুলিছে সজাই....।।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages