পোহৰ নেদেখা কথাবোৰ
পূৰবী চুতীয়া
ৰাজগড়, গুৱাহাটী - ৩
(১)
তুমি এবাৰ চুই দিয়া ― বতাহজাক
শুকান পাতত হালধীয়া আবেলিটো সানি
লৱৰি আহিব
শীতৰ বিষাদ সুহুৰি
নৈৰ কানত এন্ধাৰ নামিলে
কলিজাটো দুফাল কৰি শুকান বালিত ৰুই থ’বগৈ।
আবেগৰ এজাক কোমল বৰষুণত
ঝাওবন হৈ গজিব
শীতৰ ধূসৰতাতো এনেকৈয়ে ৰি-ৰিয়াই বাজিব
মোৰ পাহৰা গীতৰ অন্তৰা ―
চুওঁ-নুচুওঁকৈ মোক চুই থাকে যি।
(২)
বতাহৰ ঠিকনা নাথাকে ―
মন গ’লেই পাখি মেলে দিহিঙে-দিপাঙে
লগত লৈ গানৰ চৰাই
বননিৰ তলসৰা মাতত গানটো কুমলে ভালপোৱাবোৰ গজি উঠে
তোমাৰ কাষলৈ ওভটি যাবলৈ মোক ঠিকনা নালাগে
হৃদয়েৰে পৰিচিত আমি কোনোবা দিনতে ―
নৈৰ নিজান মাতটোৱে ক’লে ।
(৩)
মোৰ শেলুৱৈ চোতালত বিয়লিৰ কথকতা
ছাঁ হৈ উফৰি ফুৰে এটি পুৰণি কবিতা
মুঠিত সামৰি ফুৰা আলসুৱা সপোনটোচোন
কোনোবা পৰত ল’ৰালিৰ সাধুকথাৰ সৈতে
হাতত ধৰা-ধৰিকৈ ফুৰে।
উৱাদিহেই নাপাওঁ ―
আগলৈ যাওঁ নে পিছলৈ চাওঁ !
(৪)
পোহৰ নেদেখা কথাবোৰ
শিলৰ ফাঁকত বনৰীয়া ফুল হৈ ফুলে
নক’লেও হ’ব ― হাঁহি এটা ফুলিবলৈ মাথোঁ অকণমান সাহচৰ্য লাগে ।
তুমি এমুঠি ৰ’দ আনিবা ― চকুৰ পাহিত ফুলি থাকিব।
(৫)
অচিনাকি বাটত
অথবা চিনাকি নদীৰ ঘাটত
আমি লগ হওঁ – আকৌ হেৰাই যাওঁ
কেতিয়াবা পুনৰ লগ হওঁ ―
কুশল-বাৰ্তাৰ বিনিময় কৰোঁ
পুনু হেৰাই যাওঁ ।
আচলতে হেৰাই যোৱাৰ দুখ আছে বাবেই লগ পোৱাৰ মাধুৰিমাও আছে ।
নদী আৰু জীৱন―
ক’ৰবাত যেন একাকাৰ ।।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment