হেৰুওৱা সুৱাস
উজ্জ্বল স্মৰণ দত্ত
ফুল ফুলি লেৰেলি শুকায়
সুগন্ধি সুৱাস বিলায়।
ঘাটত বন্ধা বান্ধ
গাঁথা হৈ ৰৈ যায়।
হেৰুওৱা বসন্তৰ গান
মধু গুঞ্জৰণ হৈ গুণগুণায়।
উশাহৰ টানত উজাই
এৰি অহাবোৰ
ৰ’দৰ ফুল
হেৰুওৱা সুৱাস
দুখৰ দিনৰ লগ
নিলগাব নোৱাৰি
সোঁৱৰাই থাকে।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:
Post a Comment