শান্তিৰ সুবাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

শান্তিৰ সুবাস

 



শান্তিৰ সুবাস


                         দীপ্তি ঠাকুৰ গোস্বামী


শৰতৰ বতৰা পাই

উজলি উঠে শুভ্র শেৱালিৰ দলিচা 

হাস্নাহানা মাধৈমালতিৰ সুগন্ধি সুবাস 

স্নিগ্ধ নিশাৰ 

ৰূপালী আভাৰ পৰশত 

সৌন্দর্যময়ী ধৰিত্ৰী আই 

কপাহ কোমল মেঘৰ অহা-যোৱা 

নীল আকাশত তিৰবিৰাই অলেখ তৰাই 

কঁহুৱাৰ লয়লাস ভঙ্গিমাৰে 

মা দুর্গাক আমন্ত্ৰণ কৰে 

কি অপূর্ব মিলন 

শাৰদী ৰাণীৰ আগমনৰ মধুৰ ক্ষণত 

পূজাৰ বেদীত মা চামুণ্ডাক প্ৰতিষ্ঠা কৰি 

সুগন্ধি ফুলৰ দলিচাৰ মাজেৰে 

মা দুর্গা তোমাক স্বাগতম 

দানৱক বধি মানৱক দিবা শান্তি 

ধ্বংস কৰা দানৱৰ স্থিতি 

মা দুর্গা তোমাৰ চৰণত এপাহি গন্ধপুষ্প নিবেদিলোঁ

হে দেবী কাত্যায়নী, দানৱ ধ্বংস জল ছটিয়াই দিয়া

আৰু ছটিয়াই দিয়া প্রকৃতিলৈ শান্তি….


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages