কি ফুল ফুলিছে
আশা বৰা মন
নগাঁও
কি ফুল ফুলিছে
সপোন নে তৰাফুল!
কি ৰঙৰ আয়োজনত মগন পৃথিৱী!
মৌন ওঁঠত সেয়া এন্ধাৰৰ ৰাগী নে সুৱাসৰ ৰাণী!
কি ফুল ফুলিছে
কুঁহিপাতে কুঁহিপাতে জীৱনৰ আদিপাঠ
ৰ’দৰ স্পৰ্শত সাৰ পায় সেমেকা মাটি
চৌপাশে বাজি উঠিছে মেঘৰ মাদল
আমি যেন কথা পাতিছোঁ ভিতৰে ভিতৰে
কি ফুল ফুলিছে
একুৰা জুই হৈ জ্বলিছে
আন্ধাৰে পোহৰে
আমি যেন আজিও টোপনিৰ ভেশত
কি ফুল ফুলিছে
দিহিঙে-দিপাঙে বিয়পিছে
তেজ বৰষুণৰ গোন্ধ
উৎকণ্ঠাৰ নিশাবোৰত দহিছে
অৰণ্যৰ শোভা
আমি যেন আজিও মুখাপিন্ধা
কি ফুল ফুলিছে
সভালৈ বুলি বাট লোৱা ভৰিত
বাজে লালসাৰ নূপুৰ
কোনোবা অভাগীৰ শইচৰ পথাৰত ঘোলা পানী
আমি যেন এতিয়াও আদিম আন্ধাৰৰ সজাত বন্দী
কি ফুল ফুলিছে
সৰি পৰাৰ যন্ত্ৰণাত নিজকে ৰাখিছোঁ প্ৰশ্নৰ কাঠগড়াত
আমি কোন দেশৰ নাগৰিক
স্বাধীন নে পৰাধীন!
আমি যেন আজিও মৌন সমদল।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment