গজল
সঞ্জীৱ সাগৰ চৌধুৰী
ক’ত ক’ত আজি তুমি নাই বিছাৰি ফুৰিছোঁ
ঈশ্বৰক আৰু ক’ত পায় বিছাৰি ফুৰিছোঁ
দিনটো ডুবি থাকে মৌনতাত তোমাৰেই মোৰ
ৰাতি কোনে গীত গায় বিছাৰি ফুৰিছোঁ
হাঁহি থাকে ফুলবোৰে তোমাৰেই হাঁহি
দূবৰিৰ চকুলো কাৰ হায় বিছাৰি ফুৰিছোঁ
তুমিয়েই আকাশ মোৰ আৰু তোমাৰেই পৰা
জুমি জুমি কোনে চায় বিছাৰি ফুৰিছোঁ
কলিজা তো তোমাৰ হ'ল কাহানিবাই মোৰ
বুকুত এয়া কিহৰ ছাই বিছাৰি ফুৰিছোঁ
বৈ থাকে বতাহত অহৰহ তোমাৰেই সুবাস
কাৰ পিৰালিত খৰিকাজাঁই বিছাৰি ফুৰিছোঁ
খেলি আছে মৰণে শৰীৰৰে ৰছীটনা খেল
জীৱন-বীণ অথচ কোনে বায় বিছাৰি ফুৰিছোঁ
সময় তো সময়েই, অলীক এই সপোনক
কোনে দিলে কিয় লাই বিছাৰি ফুৰিছোঁ
লিখি আছোঁ নিতে মই তোমাৰেই গজল
অথচ কাৰ কিনো দায় বিছাৰি ফুৰিছোঁ
বিছাৰি ফুৰিছোঁ মই যি নেপালেও ‘সাগৰ’
কাৰ কি ডাল আহে যায় বিছাৰি ফুৰিছোঁ।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment