পানীৰ তলৰ কাঁইট
শৰৎ হাজৰিকা
ন-বোৱাৰীয়েকজনীয়ে এই এমাহতে শাহুৱেক, ননদ দুজনীৰ চৰিত্ৰ ভালকৈয়ে বুজি উঠিলে। তাইৰ নিজৰ ওপৰতে ক্ষোভ এটা উপজিল। প্ৰেম বিবাহ হ’ল ঠিকেই, ল’ৰাৰ ঘৰৰ আঁতিগুৰি নজনাকৈ বিবাহ কৰাটো ভুল।
কিন্ত প্ৰেম বিবাহ মানে কি ঘৰৰ মানুহৰ ককৰ্থনা শুনা ? স্বাধীন চিন্তা এটাৰে কাম এটা কৰিব খুজিলে ক’ব—না না এইটো নকৰিবা। ইঘৰ-সিঘৰলৈ বুলি এপাক ওলাই যাব বিচাৰিলেও ননদ দুজনীয়ে টপককৈ ক’ব - বোৱাৰী ছোৱালীয়ে নতুনতে মানুহৰ ঘৰলৈ এনেকৈ যাব নেলাগে। ওৱা! এইবোৰ আকৌ আজিৰ বিজ্ঞানৰ যুগত কেনেকুৱা নীতি? কিহৰ অজুহাতৰ বাধা? কেৱল আজ্ঞাবাহী ভৃত্য হৈ বোৱাৰী এগৰাকী থাকিব লাগিব বুলি কিবা শাস্ত্ৰনীতি আছে নেকি? নে শাহুৱতী বুজাব বিচাৰিছে মাকজনীয়ে ? তাই ভাবে - আচলতে অসবৰ্ণ বিবাহৰ কেৰোণ নহয়টো ?
যিয়েই নহওক তায়ো এজনী উচ্চ ডিগ্ৰীধাৰী ছোৱালী। পুৰণিকলীয়া নীতি-নিয়মত কিয় চলাব বিচাৰিছে তাইক? নিয়মৰ এটা সীমা আছে। অযুক্তিকৰ কিছুমান কথা তাই গ্ৰহণ কৰিব নোৱাৰে। তাই এই এমাহতে তেওঁলোকৰ স্বভাৱ চৰিত্ৰবোৰ বুজি উঠিছে। তাই ভবাৰ দৰে শাহুৱেক আৰু ননদ দুজনীৰ স্বৰূপ মুঠেই সৰল নহয়। পানীৰ তলৰ কাঁইটৰ নিচিনা। তাই এয়া নিজৰ আৱেগিক সিন্ধান্ত বুলি ভাবিলে।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment