আশাবাদী মানুহ
সায়নী পাল
ডিব্ৰুগড়
অসম চিকিৎসা মহাবিদ্যালয়
গীতাত লিখা আছে যে বেয়া সময়ৰ কথা ভাবি কেতিয়াও নিৰাশ হব নালাগে, কিন্তু আমি তেজ মাংসৰে সৃষ্টি মানুহ এয়া কথা কেতিয়াও বুজি নাপাওঁ আমাৰ ধৈর্য্যও নাই তেনেকে আৰু কেনেকৈ থাকিব যেতিয়া মোৰ চকুৰে আগত এগৰাকী নিঃসহায় মহিলা পথ দুৰ্ঘটনাত আহত হৈ পঢ়ি থকা দেখোঁ? সহন কেনেকৈ কৰিম মই যেতিয়া তেওঁক এগিলাচ পানী ভৰি দিবলৈ মানুহ নাথাকে? বিচনা খিনিত প্ৰাণহীন দেহৰ দৰে পৰি থকা এই মানুহজনীক দেখি মোৰ হৃদয় কপি উঠে বাৰে বাৰে। অকলশৰীয়া সময়ত ভাবোঁ সময় ও বাৰু এনেকে জীৱনৰ পৰীক্ষা লব পাৰে নে? কিন্তু তথাপিও মই আশাবাদী আৰু বিশ্বাস ৰাখিছোঁ এইবোৰ দিন ও পাৰ হৈ যাব, তেওঁৰ কষ্ট আৰু বেদনা ও দূৰ কৰি দিব ভগবানে কাৰণ তেওঁৰ চকুৰ পৰাও নিশ্চয় পানী পৰি যায় এই অৱস্থা দেখি ।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment