ফিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

ফিতা

 

ফিতা


             মণি কুটুম

            বোকাখাত


গান্ধাৰী চকুত ফিতা

তোমাৰ সমবেদনা ৰজাৰপ্ৰতি

আন্ধাৰ খেদি খেদি 

তোমাৰ দুচকুৰে

কিৰণ দেখা হ’লে

ৰাজসভাত বস্ত্ৰহীন নহল হেতেন দ্ৰোপদী

 

পোহৰ নোমাই গ’ল

কোনে পিন্ধালে

ন্যায় দেৱীৰ দুচকুত ক’লা ফিতা


হে দেৱী

তোমাৰ  সমব্যথা কালৈ

বন্ধ দোৱাৰৰ বাহিৰত অপেক্ষাৰত

ৰঙা দলিছাৰ প্ৰতি  নে?

ন্যায়ৰ দুৱাৰমুখত অপেক্ষাৰত

চুমিলা, মনিষা, বিলছ ইত্যাদিলৈ 


যদি তুমি নিজৰ

হৃদয়ত লুকোৱাই ৰাখা

চকু দুটা মেলি চাই থাকিম।।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages